Sunday, October 2, 2022
HomeNewsনেপ'টিজম বিতৰ্ক: কেৱল বলিউডতে নহয়, ক্ৰীড়া জগততো আছে নেপ'টিজম, ক'লে এইগৰাকী ক্ৰিকেটাৰে

নেপ’টিজম বিতৰ্ক: কেৱল বলিউডতে নহয়, ক্ৰীড়া জগততো আছে নেপ’টিজম, ক’লে এইগৰাকী ক্ৰিকেটাৰে

অলিম্পিয়া বাৰ্তা

বলিউডত নেপোটিজমৰ কথা নতুন নহয়। শেহতীয়াকৈ প্ৰতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ মূল কাৰণ এই নেপোটিজম বুলিয়েও বহুতে কব বিচাৰে। সুশান্তৰ আত্মহত্যাৰ পিছতে এতিয়া এই নেপোটিজমৰ বিৰুদ্ধে আক্ৰমনাত্মক ৰূপ ধাৰণ কৰিছে বলিউডৰ বস অফিচ কুইন হিচাপে খ্যাত কংকনা ৰাণাৱতে।

বলিউডৰ বিখ্যাত পৰিচালক, প্ৰযোজক আৰু তাৰকা অভিনেতাৰ বিৰুদ্ধে নেপোটিজমক পৃষ্ঠপোষকতা কৰাৰ মুকলি অভিযোগ আনিছে অভিনেত্ৰী গৰাকীয়ে। ইয়াৰ উপৰিও তেওঁ একাংশ অভিনেতা, অভিনেত্ৰীয়ে নেপোটিজমৰ পৃষ্ঠপোষক এইসকল পৰিচালক, প্ৰযোজকৰ বাবেই প্ৰতিভা অবিহনেই বলিউডত যোগ্যজনক বঞ্চিত কৰি কাম কৰি আছে। ইয়াৰ কেইটামান উদাহৰণো দাঙি ধৰিছে।

বলিউডত চলি থকা এই নেপোটিজমৰ মুকলি বিদ্ৰোহ কৰা কংকনাক অৱশ্যে নেপোটিজমৰ পৃষ্ঠপোষকতা কৰা আৰু এই লবীৰ ব্যক্তিসকলেও সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে এই সকলোৰে প্ৰত্যুত্তৰ দিছে কংকনাই। ইয়াৰ উপৰিও বলিউডৰ শিল্পী, কলা-কুশলীসকলৰ একাংশ‌ইয়ো কংকনাক সমৰ্থন কৰিছে।

পিছে এইবাৰ নেপোটিজমৰ বিৰোধিতা কৰি বিদ্ৰোহ আৰম্ভ কৰা কংকনাৰ সমালোচকসকলৰ প্ৰতি তীক্ষ্ণ বাক্য নিক্ষেপ কৰিছে ক্ৰীড়া জগতৰ এজন তাৰকাই। এই তাৰকা ক্ৰিকেটাৰ গৰাকীৰ দাবী বলিউডত যিদৰে নেপোটিজমৰ স্বীকাৰ হৈ একাংশ প্ৰতিভা উপযুক্ত কাম, সন্মানৰ পৰা বঞ্চিত হৈছে ঠিক একেদৰে ক্ৰীড়া জগততো এনে নেপোটিজমৰ স্বীকাৰ হৈয়ে বঞ্চিত হৈ আহিছে প্ৰতিভাৱান ক্ৰিকেটাৰ‌।

কংকনাক সমৰ্থন কৰি মন্তব্য কৰা এই ক্ৰিকেটাৰ গৰাকী আন কোনো নহয়, তেওঁ হৈছে লবিকেন্দ্ৰীকতাৰ চিকাৰ হৈ ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভৰ পৰা বঞ্চিত হোৱা মনোজ তিৱাৰী।

বক্স অফিচ কুইন কংকনাক সৰ্থন কৰি মনোজ তিৱাৰীয়ে নিজৰ টুইটাৰত লিখিছে, “তেওঁক সমৰ্থন কৰিব নোৱাৰিলে মুখ বন্ধ ৰাখক।”

দেশৰ এই সফল ক্ৰিকেটাগৰাকী লবিকেন্দ্ৰিকতাৰ চিকাৰ হৈয়ে জাতীয় ক্ৰিকেট দলৰ পৰা বঞ্চিত হৈছে বুলি ক্ৰীড়া মহলত চৰ্চা লাভ কৰি আহিছে। ক্ৰিকেট জগতত লবিকেন্দ্ৰীকতাৰ চিকাৰ হোৱা মনোজে লিখিছে, “যিসকলে কংকনাক আক্ৰমণ কৰিছে, তেওঁলোকে নিজেই নিজৰ স্বভাৱ দেখুৱাই দিছে।” ইয়াৰ উপৰিও মনোজে নেপোটিজম, ফেভাৰিটিজম আদিৰ বিৰুদ্ধে এই যুজঁ অব্যাহত থাকিব বুলিও স্পষ্টকৈ কয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments