গোলাঘাটত প্ৰদৰ্শনীমূলক নেটবল প্ৰতিযোগিতা

গোলাঘাটৰ পৰা মৃদুল শৰ্মাৰ প্রতিবেদন

গোলাঘাট জিলা নেটবল সন্থাৰ উদ্যোগত গোলাঘাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় প্ৰদৰ্শনীমূলক নেটবল খেল ৷ গোলাঘাট নগৰৰ সমীপৰ পুলিবৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দেওবাৰে অনুষ্ঠিত হোৱা দুয়োখন খেলত ল’ৰা আৰু ছোৱালী উভয় শাখাতে তিনিচুকীয়াই জয়লাভ কৰে৷ ল’ৰাৰ শাখাত তিনিচুকীয়া নেটবল সন্থাই গোলাঘাটক ১৭-১২ আৰু ছোৱালীৰ শাখাত ১২-জ্ঝ গ’লত পৰাভূত কৰে৷ খেলৰ শুভ উদ্বোধন কৰে ডিমা হাচাওৰ অৱসৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া ললিত কোঁৱৰে৷ উদ্বোধনী অনুষ্ঠানত তিনিচুকীয়া নেটবল সন্থাৰ সভাপতি বিনয় গগৈয়েও বক্তব্য আগবঢ়ায়৷ অসম নেটবল সন্থাৰ উপ-সভাপতি তথা গোলাঘাট নেটবল সন্থাৰ সম্পাদক শুভাশীষ গগৈয়ে শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য যে নৱগঠিত গোলাঘাট জিলা নেটবল সন্থাই এন আই এচ প্ৰশিক্ষক প্ৰশান্ত মহনৰ নেতৃত্বত বিগত চেপ্টেম্বৰ মাহৰ পৰা কিশোৰ-কিশোৰীক নেটবল প্ৰশিক্ষণ প্ৰদান কৰি আছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *