অলিম্পিয়া প্রতিবেদন
সোমবাৰে বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্পন্ন হৈ যায় নেটবল প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰৰ আধাৰশিলা। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম নেটবল সন্থা তথা নেটবল অলিম্পিকৰ প্ৰতিনিধি পিকলু ৰয়। লগতে উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পৰাগ বৰুৱাকে মুখ্য কৰি বিদ্যালয়ৰ অধ্যক্ষ অঞ্জন কুমাৰ বৰা তথা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দ।
নেটবল সন্থা (অসম)ৰ হৈ ৰাতুলমণি মহন্ত, দ্বীপ দত্ত, অংকিত মহন্ত আৰু অনন্ত বৰঠাকুৰে অংশগ্ৰহণ কৰে।
নেটবল সন্থাৰ পৰা বিদ্যালয়ত হ’বলগীয়া উক্ত প্ৰশিক্ষণ শিবিৰটোত সকলো ধৰণৰ সহায় সহযোগৰ আশ্বাস দিয়া হয়।