Wednesday, October 5, 2022
HomeNewsনেটবল সন্থা, অসমৰ বিশেষ সাধাৰণ সভা:অসমত ৰাষ্ট্ৰীয় দলৰ বাচনি শিবিৰ

নেটবল সন্থা, অসমৰ বিশেষ সাধাৰণ সভা:অসমত ৰাষ্ট্ৰীয় দলৰ বাচনি শিবিৰ

অলিম্পিয়া প্ৰতিবেদন

অসম অলিম্পিক সন্থাৰ সভাগৃহত দেওবাৰে নেটবল সন্থা, অসমৰ এক বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয় । জ্যেষ্ঠ উপসভাপতি সুৰয চন্দ্ৰ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত ৰাজ্যৰ ৩৩ খন জিলাৰ প্ৰায় ৭০ গৰাকী প্ৰতিনিধিয়ে অসমত নেটবল খেলৰ বিকাশ আৰু সম্প্ৰসাৰণৰ বাবে বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় । ৰাজ্যিক সন্থাৰ যুটীয়া সম্পাদক পিকলু ৰয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত দক্ষিণ আফ্ৰিকাৰ কূটনীতিবিদ ড০ কৌলিবেৰী হাৰ্ভ আৰু ভাৰতীয় ৰেলৱে মন্ত্ৰালয়ৰ ক্ৰীড়া পৰামৰ্শদাতা দিল্লীৰ সুৰেশ কুমাৰক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । নেটবল সন্থা, অসমৰ সম্পাদক বিৰজু ৰামে জনোৱা অনুসৰি সমাগত এছিয়ান চেম্পিয়দশ্বিপৰ বাবে ভাৰতীয় নেটবল ফেডাৰেচনৰ নিৰ্দেশ অনুসৰি অসমত অনুষ্ঠিত হ’ব ছিনিয়ৰ ৰাষ্ট্ৰীয় নেটবল দলৰ প্ৰশিক্ষণ তথা বাচনি শিবিৰ । ইয়াৰে তামুলপুৰত মহিলাৰ আৰু ডিব্ৰুগড়ত পুৰুষ দলৰ শিবিৰ আয়োজনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । সভাৰ সিদ্ধান্ত অনুসৰি আন্ত:জিলা নেটবল প্ৰতিযোগিতা যোৰহাট জিলাৰ মৰিয়নীত অনুষ্ঠিত হ’ব । তদুপৰি ৰাজ্যৰ চাৰিটা মণ্ডলত চাৰিখন নেটবল একাডেমী স্হাপনৰ সিদ্ধান্ত লোৱা হয় । ভাৰতীয় নেটবল ফেডাৰেচনৰ জৰুৰী কাৰ্যনিৰ্বাহক সভাৰ বাবে নতুন দিল্লীলৈ ৰাওনা হোৱা ৰাজ্যিক সভাপতি অমিত বাগ্ৰাই সভাত উপস্থিত থাকিব নোৱাৰি শুভেচ্ছামূলক লিখিত ডাষণ প্ৰেৰণ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments