Thursday, July 7, 2022
HomeNewsএকাডেমী স্থাপন আৰু নতুন প্ৰতিভাৰ সন্ধানত গুৰুত্ব দিব নৰ্থ ইষ্ট ইউনাইটেডে

একাডেমী স্থাপন আৰু নতুন প্ৰতিভাৰ সন্ধানত গুৰুত্ব দিব নৰ্থ ইষ্ট ইউনাইটেডে

অলিম্পিয়া প্ৰতিবেদন

আই এছ এলত উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰা জন আব্ৰাহাম মালিকানাধীন ক্লাব নৰ্থ ইষ্ট ইউনাইটেডে অঞ্চলটোত ফুটবল একাডেমী স্থাপন আৰু নতুন প্ৰতিভাৰ সন্ধানৰ ওপৰত আগন্তুক সময়ত গুৰুত্ব প্ৰদান কৰিব। নৰ্থ ইষ্ট ইউনাইটেডৰ দলীয় সূত্ৰই এটা বিবৃতিত এই কথা উল্লেখ কৰিছে।

অঞ্চলটোত ফুটবল আন্তঃগাঁথনি বিকাশৰ মাধ্যমেৰে নতুন প্ৰজন্মৰ প্ৰতিভাৱান খেলুৱৈসকলক উন্নত মানৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি তেওঁলোকক প্ৰতিভা বিকাশৰ এখন মঞ্চ প্ৰদান কৰাৰ ক্ষেত্ৰতো ক্লাবটোৱে ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে। ক্লাবটোৱে ইতিমধ্যে এই বিশেষ কাৰ্যসূচীৰ বাবে দেশৰ বহুকেইজন প্ৰশিক্ষকক নিয়োগ কৰিছে।

নৰ্থ ইষ্ট ইউনাইটেড দলৰ বিবৃতিটো

ক্লাবটোৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকা খালিদ জামিলক এই প্ৰচেষ্টাৰ মূল দায়িত্ব অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে কুৱেইটত জন্মলাভ কৰা জামিলে ভাৰতত ১২ টাকৈ বছৰ বিভিন্ন ফুটবল ক্লাবক প্ৰতিনিধিত্ব কৰিছে। ভাৰতৰ ফুটবল সম্পৰ্কে তেওঁৰ আছে বিশদ জ্ঞান। অঞ্চলটোৰ পৰা নতুন তাৰকা সৃষ্টিৰ ভাৰ সেয়ে অৰ্পণ কৰা হৈছে এইগৰাকী প্ৰাক্তন ফুটবলাৰৰ ওপৰত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments