অলিম্পিয়া প্রতিবেদন
গুৱাহাটী, ১৭ জুলাই: অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েছনৰ নতুন কমিটি গঠন কৰা হয়। ডিৱাই ৩৬৫ ৰ জ্যোষ্ঠ সাংবাদিক জয়ন্ত দাস আৰু নিউজ১৮ৰ জ্যোষ্ঠ সাংবাদিক বিপুল বৰ্মনক পুনৰ বাৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে। অসমৰ ক্ৰীড়া সাংবাদিকৰ অংগ্ৰনী সংগঠনটোৰ বাৰ্ষিক সাধাৰণ সভাই জোষ্ঠ সাংবাদিক প্ৰনয় বৰদলৈ, বিশিষ্ট ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছা আৰু জ্যোষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহাক পুনৰ বাৰ মুখ্য উপদেষ্টাৰ দায়িত্ব প্ৰদান কৰে।
উপ সভাপতি পদ লাভ কৰে ক্ৰমে জ্যোষ্ঠ সাংবাদিক কিশোৰ তালুকদাৰ, মৌচুমী বৰা আৰু জোনজ্যোতি দত্ত বৰাই। ধীৰাজ হাজৰিকা আৰু প্ৰনৱজ্যোতি দাস হল সন্থাৰ নতুন যুটীয়া সম্পাদক। সহকাৰী সম্পাদকৰ দায়িত্বত আছে ধ্ৰুৱ জ্যোতি দাস আৰু আইনুল হক। দ্বিতীয়টো কাৰ্য্যকালৰ বাবে কোষাধাক্ষ আৰু কাৰ্য্যলয় সম্পাদকৰ দায়িত্ব লাভ কৰে ৰঞ্জিতা ৰাভা আৰু ৰানা কলিতাই। সন্থাৰ এঘাৰ গৰাকী সদস্য ক্ৰমে নয়ন ভূঞা, ৰাজু বৰুৱা, সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, ৰাজিৱ বৰা, আজদ গগৈ, কল্যাণ গগৈ, মৌচুমী শৰ্মা বৰুৱা, মুনিন্দ্ৰ ডেকা, নৱকৃষ্ণ পেগু, প্ৰভাস সিং আৰু উৎজ্বল দেউৰীক সভাই কাৰ্য্যনিৰ্বাহক সদস্যৰ দায়িত্ব অৰ্পণ কৰে।
বিগত চৰকাৰৰ কাৰ্য্যকালত অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েছনে নেহৰু ষ্টেডিয়ামত স্থায়ী কাৰ্য্যালয় ভৱন লাভ কৰাত সভাই চৰকাৰক ধন্যবাদ জনায়। ইফালে আগন্তুক বৰ্ষৰ ফুটছাল প্ৰতিযোগিতা খন আৰু এখন স্কুল ক্ৰীড়া কুইজ বিশেষ ভাৱে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে সন্থাই।