Tuesday, October 4, 2022
HomeNewsভাৰতত অনুষ্ঠিত হ'বলগীয়া ফিফা বিশ্বকাপৰ নতুন সূচী ঘোষণা

ভাৰতত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ নতুন সূচী ঘোষণা

olympiasports.in বিশেষ

কৰ’না মহামাৰীৰ বাবে চলিত বছৰৰ ২ নৱেম্বৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’বলগীয়া ১৭ বছৰ অনূৰ্ধ্ব ফিফা মহিলা বিশ্বকাপ স্থগিত ৰখা হৈছিল। আজি ফিফাই পুনৰ প্ৰতিযোগিতাখনৰ নতুন তাৰিখ নিৰ্ধাৰণ কৰিছে। ফিফাই এক বিবৃতিৰ জৰিয়তে উল্লেখ কৰিছে যে অনূৰ্ধ্ব ১৭মহিলা বিশ্বকাপ প্ৰতিযোগিতাখন ভাৰতত ২০২১ চনৰ ১৭ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনত ভাৰতৰ সৈতে বিশ্বৰ মুঠ ১৬ খন দেশে অংশগ্ৰহণ কৰিব। এইবাৰ ফিফাৰ অন্যতম বৃহৎ মেগা ইভেণ্টৰ আয়োজক হিচাপে ভাৰতে পোনপটীয়াকৈ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে‌।

কৰ’না মহামাৰীৰ বাবে এই বৃহৎ প্ৰতিযোগিতাখন এবছৰ পিছুৱাই দিলেও অৱশ্যে প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে নিৰ্ধাৰিত পাঁচটা স্থানতেই পুনৰ এই বৃহৎ প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব। সেই নিৰ্ধাৰিত স্থান সমূহ হৈছে কলকাতা, গুৱাহাটী, ভুৱনেশ্বৰ, আহমেদাবাদ আৰু নবী মুম্বাই। এই পাঁচটা স্থানৰ ভিতৰত মুম্বাইত চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব।

আনহাতে প্ৰতিযোগিতাখনৰ বাবে খেলুৱৈৰ যি নিয়ম বান্ধি দিয়া হৈছিল সেই নিয়মৰো কোনোধৰণৰ পৰিবৰ্তন কৰা হোৱা নাই বুলিও ফিফাৰ বিবৃতিটোত উল্লেখ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments