Monday, July 4, 2022
HomeNewsএতিয়াৰে পৰা ৮.৩০ মিনিটত ২ কি:মি: দৌৰিব নোৱাৰিলে খেলিব নাপাব ভাৰতীয় ক্ৰিকেটাৰে

এতিয়াৰে পৰা ৮.৩০ মিনিটত ২ কি:মি: দৌৰিব নোৱাৰিলে খেলিব নাপাব ভাৰতীয় ক্ৰিকেটাৰে

এতিয়াৰে পৰা ৮.৩০ মিনিটত ২ কি:মি: দৌৰিব নোৱাৰিলে খেলিব নাপাব ভাৰতীয় ক্ৰিকেটাৰে দলে প্ৰায়ে সন্মুখীন হোৱা আঘাতৰ সমস্যাৰ বাবে কঠোৰ পদক্ষেপ ল’বলৈ আগবাঢ়িছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড। ভাৰতীয় দলটোৱ শেহতীয়াকৈ অন্ত পৰা অষ্ট্ৰেলিয়া ভ্ৰমনসূচীত ভাৰতীয় দলৰ বহুকেইজন ক্ৰিকেটাৰ আঘাতৰ সমস্যাৰ বাবে দলৰ পৰা আঁতৰি থাকিব লগা হ’ল।

বিৰাট কোহলিয়ে পিতৃত্বকালীন ছুটি লৈ স্বদেশলৈ ঘূৰি অহাৰ পিছত দলটোৰ ইজনৰ পিছত সিজনকৈ সদস্য আঘাতৰ সমস্যাত ভুগিছিল। শেষত ৰাহানে, ৰোহিত শৰ্মাকে আদি কৰি কেইগৰাকীমান ক্ৰিকেটাৰক বাদ দি দলটোৰ অধিকাংশ খেলুৱৈয়ে কিবা নহয় কিবা আঘাতত ভোগে।

দলটোৰ এনে সঘন আঘাতৰ সমস্যাৰ সমাধানৰ বাবে সেয়ে বি চি চি আইয়ে এতিয়া প্ৰতিজন খেলুৱৈয়ে ৰানিং ট্ৰেইলত অংশগ্ৰহণ কৰাৰ নতুন নিয়ম বলবৎ কৰিছে। এতিয়াৰে পৰা দলৰ প্ৰত্যেকজন খেলুৱৈয়ে ৮.৩০ মিনিটত ২ কিলোমিটাৰৰ ৰানিং ট্ৰায়েলত অংশগ্ৰহণ কৰিব লাগিব। ট্ৰায়েলত উত্তীৰ্ণ হব নোৱাৰাসকলে দলত স্থান লাভ নকৰে।।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments