Monday, October 3, 2022
HomeNewsপূৰ্বতকৈ পৃথক হ'ব ২০২০ৰ আই পি এল: খেলুৱৈসকলে পালন কৰিব লাগিব এইসমূহ...

পূৰ্বতকৈ পৃথক হ’ব ২০২০ৰ আই পি এল: খেলুৱৈসকলে পালন কৰিব লাগিব এইসমূহ বিশেষ নিয়ম

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

২০২০ ৰ আই পি এল অনুষ্ঠিত হোৱাৰ কথা আছিল ২৯ মাৰ্চৰ পৰা। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত লীগৰ প্ৰথমখন মেচত মুখামুখি হোৱাৰ কথা আছিল যোৱা বছৰৰ দুই ফাইনেলিষ্ট চেন্নাই চুপাৰ কিংছ আৰু মুম্বাই ইন্ডিয়ানছ। কিন্তু, দেশত ২৫ মাৰ্চৰ পৰা ঘোষণা কৰা হ’ল প্ৰথম পৰ্যায়ৰ লকডাউন। ফলত স্বাভাৱিকতেই আন আন ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে আই পি এলো স্থগিত ৰাখিব লগা পৰিস্থিতিৰ উদ্ভৱ হয়। ১৪ এপ্ৰিলত ভাৰতত লকডাউনৰ সময়সীমা পুনৰ বৃদ্ধি কৰাত বি চি চি আইয়ে প্ৰতিযোগিতাখন অনিদিৰ্ষ্টকাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত লয়। মাজতে আনকি বন্ধ ষ্টেডিয়ামতে খেলসমুহ অনুষ্ঠিত কৰাৰ বাবেও চিন্তা চৰ্চা কৰিছিল বি চি চি আইয়ে। কিন্তু মূৰকত গৈ সেয়াও কাৰ্যকৰী নহল।

অৱশেষত বহু জল্পনা-কল্পনাৰ অন্ত পেলাই যোৱা ২ আগষ্টত বি চি চি আইয়ে এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত লয়। সিদ্ধান্ত লোৱা হয় ইউনাইটেড আৰব এমিৰাটছ চমুকৈ ইউ এ ইত সমুখ সমৰত মিলিত হব আই পি এলৰ তাৰকাসমৃদ্ধ আঠোটাকৈ দল। কৰোনা মহামাৰীৰ মাজতে অনুষ্ঠিত হোৱাৰ বাবে এইবাৰৰ আই পি এল হ’ব কিছু পৃথক। ইতিমধ্যে ক’ভিডমুক্ত আশংকাহীন পৰিৱেশত এই লীগৰ খেলসমূহ অনুষ্ঠিত কৰাৰ বাবে বিশেষ কিছু পদক্ষেপ গ্ৰহণ কৰিছে বি চি চি আইয়ে। চাওঁ আহকচোন কেনে হব ২০২০ৰ আই পি এল।

আই পি এলৰ বাবে নিৰ্ধাৰিত Standard Operating Procedure:

ক’ভিড -১৯ ৰ পৰিপ্ৰেক্ষিতত প্ৰতিযোগিতাখন সুকলমে পৰিচালিত হোৱাৰ ক্ষেত্ৰত বি চি চি আইয়ে সমূহ দললৈ আগবঢ়াইছে বিশেষ কিছু নিয়মাৱলী। ইয়াৰ জৰিয়তে পূৰ্বতে কাৰ্যকৰী নোহোৱা কিছু নতুন নিয়মাৱলী ক’ভিড-১৯ ৰ সতৰ্কতা হিচাবে পালন কৰাৰ নিৰ্দেশ দিয়া হৈছে প্ৰতিটো দলকে। কি আছে এই Standard Operating Procedure চমুকৈ SOP ত, চাওঁ আহক-

Bio Secure Bubble: ক্ৰিকেট খেলপথাৰলৈ ঘূৰি অহাৰ লগে লগে চৰ্চালৈ আহিছে Bio Bubble ৰ ধাৰণাটো। কি এই Bio Bubble এই লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত দেখা পোৱা গৈছে বিশেষ উৎসুকতা। Bio Bubble হৈছে ক’ভিড-১৯ সৃষ্ট পৰিস্থিতিত নতুন পৰিৱেশৰ সৈতে মুকাবিলা কৰিবলৈ উদ্ভাৱন কৰা এক সম্পূৰ্ণ নতুন পৰিৱেশ। ই হৈছে এটা সুৰক্ষিত ব্যৱস্থা। ই বাহিৰৰ পৰিৱেশৰ পৰা সম্পূৰ্ণভাৱে বিছিন্ন এটা নতুন পৰিৱেশ। ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট শৃংখলাৰ সময়ত প্ৰথম এই ধাৰণাটোৰ কথা পোহৰলৈ আহিছিল। এই ব্যৱস্থাৰ অন্তৰ্গত খেলুৱৈসকলক ইয়াৰ সংলগ্ন হোটেলতহে ৰখা হব। খুব সীমিত সংখ্যক লোককহে এই Biosecure Bubble ক্ষেত্ৰত প্ৰৱেশৰ অনুমতি দিয়া হয়। নতুন নিয়ম অনুসৰি সেই এলেকাৰ ভিতৰত থকা প্ৰতিজনক নিতৌ কোভিডৰ টেষ্ট কৰা হ’ব। সামাজিক দূৰত্ব বজাই ৰখাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। সকলোৰে শৰীৰৰ উষ্ণতা নিতৌ পৰীক্ষা কৰা হ’ব। নিতৌ সকলোৰে মেডিকেল ৰিপ’ৰ্ট দাখিল কৰা হ’ব। খেলুৱৈ, কৰ্মকতা, সংবাদকৰ্মীকে ধৰি এই Biosecure Bubble ক্ষেত্ৰত প্ৰৱেশৰ অনুমতি থাকিব নিৰ্দিষ্ট সংখ্যক লোকৰহে। প্ৰতিজনকে এই ক্ষেত্ৰত সোমোৱাৰ আগতে কোভিড টেষ্ট কৰা হ’ব। আই পি এলত আঠোটাকৈ দলৰ প্ৰতিটোৰে পৃথকে Bio Bubble ৰ ব্যবস্থা থাকিব। এই নিয়মত , প্ৰতিটো দলেই Bubble ৰ পৰিক্ষেত্ৰৰ বাহিৰত কাকোয়েই শাৰিৰীক ভাৱে লগ কৰিব নোৱাৰিব। বি চি চি আইয়ে চাৰিটাকৈ ক্ষেত্ৰ নিৰ্ধাৰণ কৰি দিছে যিসমূহ এই Bio Bubble ৰ অন্তৰ্ভুক্ত হ’ব। বি চি চি আই য়ে নিৰ্ধাৰণ কৰি দিয়া সেই চাৰিটা ক্ষেত্ৰ হৈছে – ১) হোটেল ২) ট্ৰেইনিং চেচন ৩) মেচ ৪) চলাচল

এই চাৰিটা ক্ষেত্ৰত সুকীয়া সুকীয়াকৈ Bio Bubble ৰ নিয়ম পালন কৰা হ’ব। বিভিন্নজনৰ বাবে পৃথকে কিছুমান জ’ন সৃষ্টি কৰা হ’ব। টীম মেম্বাৰ,মেচ অফিচিয়েল, ক্ৰিকেট অ’পাৰেচন টীম, ব্ৰ’ডকাষ্ট টীম, গ্ৰাউণ্ড ষ্টাফ,চিকিউৰিটি ষ্টাফ, হোটেল ষ্টাফ আদিৰ বাবে পৃথক Bio Bubble ৰ সৃষ্টি কৰা হব। সকলোৰে বাবে নিৰ্ধাৰিত বিশেষ জ’নৰ পৰা কোনো সদস্য বাহিৰ হ’ব নোৱাৰিব। আঠোটাকৈ দলৰ সাদস্যসকলো তেওঁলোকৰ বাবে নিৰ্ধাৰিত Bio Bubble তে থাকিব লাগিব। হোটেলকক্ষৰ পৰা ট্ৰেইনিং কক্ষলৈ সকলো পৃথক হ’ব। কোনেও কাকো সাক্ষাৎ কৰিব নোৱাৰিব। ক্ৰিকেটাৰসকলে তেওঁলোকৰ নিজ কোঠাতে খাদ্য গ্ৰহণ কৰিব লাগিব। Bubble ৰ ভিতৰত থাকিলেও মাস্ক পিন্ধাতো বাধ্যতামূলক।লগতে মানি চলিব লাগিব সামাজিক ব্যৱধানৰো নিয়ম। bio security Protocol ভংগ কৰাজনে আই পি এল কোড অফ কনডাক্টৰ অধীনত শাস্তিৰ সন্মূখীন হব লাগিব। দলীয় যিকোনো মিটিঙৰ বাবে বাহিৰৰ বহল ক্ষেত্ৰ ব্যৱহাৰ কৰিব লাগিব,যাতে সামাজিক দূৰত্ব বজাই ৰাখিব পাৰি।। খেলুৱৈসকলৰ পৰিয়ালৰ সদস্যৰ ক্ষেত্ৰতো নিয়মাৱলী আৰোপ কৰিছে বি চি চি আইয়ে। সেই অনুসৰি তেওঁলোকে টীম বাছত ভ্ৰমণ কৰিব নোৱাৰিব। লগতে bio bubble ৰ পৰাও বাহিৰ হব নোৱাৰিব। কিবা কাৰণত মেডিকেল ষ্টাফ খেলুৱৈৰ সংস্পৰ্শলৈ আহিব লগা হলে পি পি ই কিট পৰিধান কৰিহে খেলুৱৈজনৰ কাষ চাপিব পাৰিব।

ইয়াৰ বাহিৰেও Standard Operation Procedure ৰ অন্তৰ্গত আন কেতবোৰ নীতি নিয়ম নিৰ্ধাৰণ কৰি দিয়া হৈছে সেই সমূহ তলত উল্লেখ কৰা হ’ল।-

সঘন ক’ভিড পৰীক্ষা: আই পি এলৰ ভাৰতীয় আৰু বিদেশী সকলো খেলুৱৈয়ে Bio Bubble ত প্ৰৱেশ কৰাৰ পূৰ্বে পাঁচবাৰকৈ ক’ভিড১৯ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। খেলুৱৈৰ লগতে তেওঁলোকৰ সহায়কাৰী লোকসকলকো প্ৰতি পাঁচদিনৰ মূৰে মূৰে কোভিড-১৯ৰ পৰীক্ষা কৰোৱা হব। ইউ এ ইলৈ উৰা মৰাৰ আগতে প্ৰত্যেক খেলুৱৈকে দুটাকৈ চি পি আৰ পৰীক্ষা কৰোৱা হৈছে। দুয়োটা পৰীক্ষাতে নিগেটিভ অহাৰ ২৪ ঘণ্টাৰ পিছতহে ইউ এ ইত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হ’ব। ইউ এ ইত ভৰি দিয়েই খেলুৱৈসকল কোৱাৰেনটিনত থাকিব, লগতে পুনৰ ছটা দিনৰ ভিতৰত তিনিটাকৈ পৰীক্ষা কৰোৱা হ’ব। কাৰোবাৰ পজিটিভ আহিলে তেওঁক আছুতীয়া কক্ষত ৰখা হব আৰু তেওঁৰ চিকিৎসা আৰম্ভ কৰা হব। সকলোবোৰ পৰীক্ষাত পজিটিভ আহিলেহে bio secure bubble ত প্ৰৱেশৰ অনুমতি লাভ কৰিব। এবাৰ bio Bubbleত প্ৰৱেশ কৰাৰ পিছত আই পি এল অন্ত নপৰালৈকে খেলুৱৈগৰাকী তেওঁৰ দলৰ সংশ্লিষ্ট Bio Bubble তে থাকিব লাগিব।

প্ৰতিটো দলৰ বাবে পৃথক হোটেল: প্ৰতিটো ফ্ৰেঞ্চাইজিৰ বাবে পৃথক হোটেলৰ ব্যৱস্থা কৰিব লাগিব। যিকোনো পৰিস্থিতিতে একেখন হোটেলত দুটা ফ্ৰেঞ্চাইজিয়ে বাহৰ পাতিব নোৱাৰিব। প্ৰতিটো ফ্ৰেঞ্চাইজিৰ খেলুৱৈ অথবা কৰ্মকতাসকলে পৰস্পৰে পৰস্পৰৰ সৈতে মিলা মিছা কৰিব নোৱাৰিব।

ড্ৰেছিং ৰূমতো সামাজিক দূৰত্ব: খেলুৱৈসকলে ড্ৰেছিং ৰূমতো বজাই ৰাখিব সামাজিক দূৰত্ব। একেলগে ১৫ জনতকৈ অধিক খেলুৱৈ ড্ৰেছিং ৰুমত গোট খাব নোৱাৰিব।

ইলেকট্ৰনিক দলীয় তালিকা: খেল আৰম্ভ হোৱাৰ পূৰ্বে ঘোষিত হোৱা দলীয় তালিকাখন এইবাৰ ইলেকট্ৰনিক হব।

ভাৰ্চুৱেল দলীয় বৈঠক: দলীয় বৈঠকবোৰ হব লাগিব ভাৰ্চুৱেল। একেখন হোটেলত একেটা Bio Bubble ৰ মাজত থাকিলেও দলীয় বৈঠকবোৰ ভাৰ্চুৱেল হব। ইয়াৰ পৰা প্ৰয়োজনীয় দূৰত্ব বজাই ৰখাতো সম্ভৱ হব ।

বিশেষভাৱে নিযুক্ত দলীয় চিকিৎসক: প্ৰতিটো দলে একোজনকৈ দলীয় চিকিৎসক নিযুক্তি দিব যি Bio Secure নিয়মাৱলী সমূহ সঠিক ৰূপত মানি চলা হৈছে নে নাই তাৰ ওপৰত নজৰ ৰাখিব।

উপলব্ধ হব লাগিব সকলোৰে চিকিৎসা তথা ভ্ৰমণ বিতান্ত: প্ৰতিটো ফ্ৰেঞ্চাইজিৰ দ্বাৰা নিযুক্ত চিকিৎসক দলে প্ৰতিজন সদস্যৰে ১ মাৰ্চ ২০২০ৰ পিছৰ চিকিৎসা তথা ভ্ৰমণ বৃত্তান্ত ইউ এ ইলৈ ৰাওনা হোৱাৰ দুই সপ্তাহৰ আগতে সংগ্ৰহ কৰি পৰীক্ষা কৰিব লাগিব।

খেলুৱৈৰ পৰিয়ালৰ লোকেও মানি চলিব লাগিব প্ৰট’কল: পৰিয়ালৰ লোক খেলুৱৈৰ সৈতে যোৱাত বাধা আৰোপ কৰা হোৱা নাই যদিও তেওঁলোকেও মানি চলিব লাগিব নিৰ্ধাৰিত নিয়মাৱলী।


বিশেষ নিৰ্দেশনা: খেলৰ দিনা পালিব লগা নীতি নিয়মসমূহ:

  • খেল অনুষ্ঠিত হ’বৰ দিনা খেলুৱৈসকল খেলপথাৰত নমাৰ আগতে শৰীৰৰ উত্তাপ পৰীক্ষা কৰাব লাগিব। ক্ৰিজত ভৰি দিয়াৰ আগতে খেলুৱৈসকল আৰু আম্পায়াৰ তেওঁলোকৰ বাবে নিৰ্দিষ্ট কৰি দিয়া Player and match official area চমুকৈ PMOA ত প্ৰৱেশ কৰিব।
  • PMOA ত প্ৰৱেশ কৰাৰ লগে লগে প্ৰথমে সকলোৱে হাত ধুব লাগিব। PMOA ত থকা অৱস্থাত সকলোৱে মাস্ক পিন্ধাটো বাধ্যতামূলক।
  • খেলুৱৈসকলে তেওঁলোকে ব্যৱহাৰ কৰিব লগা সামগ্ৰী সমূহত পৰাপক্ষত নিজৰ নাম লিখি ৰাখিব লাগে।
  • খেলৰ মাজে মাজে হাত ধোৱা বাধ্যতামূলক।
  • খেলুৱৈসকলে ৱার্ম আপ কৰাৰ সময়ত যাতে মুখত পৰাপক্ষত হাতেৰে স্পৰ্শ নকৰে তাৰ প্ৰতি সচেষ্ট হবলৈ আহ্বান জনোৱা হৈছে।
  • টছ কৰাৰ সময়ত ইলেকট্ৰনিক দলীয় তালিকাহে আম্পায়াৰক দিব লাগিব।
  • টছ কৰাৰ আগত অথবা শেষত কৰমৰ্দন কৰিব নোৱাৰিব।
  • বাউণ্ডেৰী লাইনৰ কাষতে য’ত খেলিবলৈ নমা দলটোৰ খেলুৱৈসকল থাকে অৰ্থাৎ ডাগআউটত সামাজিক দূৰত্ব মানি চলিব লাগিব। সকলো দূৰে দূৰে থকা নিজৰ আসনত বহি থাকিব লাগিব।
  • ইজনে আনজনৰ পেন পেপাৰ ব্যৱহাৰ কৰিব নোৱাৰিব।
  • ড্ৰিংকছ ব্ৰেকত ফিল্ডলৈ ড্ৰিংকছ কঢ়িয়াই নিয়া দ্বাদশ খেলুৱৈজনে ড্ৰিংকছ নিয়াৰ আগতে ভালদৰে হাত ধুই লব লাগিব।
  • ড্ৰিংকছ ব্ৰেকৰ আগে আগে আৰু ব্ৰেকৰ পিছত সকলোৱে হাত চেনিটাইজ কৰিব লাগিব।
  • খেলুৱৈ এজনে তেওঁৰ নামত থকা ড্ৰিংকছ আৰু টাৱেলহে ব্যৱহাৰ কৰিব পাৰিব।
  • খেলৰ শেষত খেলুৱৈয়ে কৰমৰ্দন কৰিব নোৱাৰিব। ইজনে সিজনক স্পৰ্শ কৰিব নোৱাৰিব।
  • খেলৰ শেষত বঁটা বিতৰণী অনুষ্ঠানত অতি কম সংখ্যক সংবাদ মাধ্যমৰ লোক উপস্থিত থাকিব।
  • বঁটা বিতৰণী অনুষ্ঠানত প্ৰদান কৰিব লগা ট্ৰফী আৰু বঁটা সমূহ পূৰ্বতে চেনিটাইজ কৰি পৰিস্কাৰ কৰা হব লাগিব।
  • খেলৰ অন্তত সততে অনুষ্ঠিত সংবাদমেলৰ বিপৰীতে ভিডিঅ’ কণফাৰেন্সৰ জৰিয়তেহে সংবাদ মাধ্যমক সম্বোধন কৰিব লাগিব।
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments