Tuesday, October 4, 2022
HomeNewsআই পি এল ২০২০ৰ স্পনছ'ৰশ্বিপ লাভ কৰিলে Dream11 য়ে

আই পি এল ২০২০ৰ স্পনছ’ৰশ্বিপ লাভ কৰিলে Dream11 য়ে

অলিম্পিয়া প্ৰতিবদেন

বহু জল্পনা কল্পনাৰ অন্তত নিশ্চিত হ’ল আই পি এল ২০২০ ৰ টাইটেল স্পনছ’ৰশ্বিপ। ২০২০ ৰ বাবে মেগা প্ৰতিযোগিতাখনৰ টাইটেল স্পনছ’ৰশ্বিপৰ দায়িত্ব লাভ কৰিছে ফেণ্টাছী স্পৰ্টছ লীগৰ প্ৰতিষ্ঠান ড্ৰিম ১১ য়ে।

ড্ৰিম১১ য়ে স্পনছ’ৰশ্বিপৰ লাভৰ দৌৰত টাটা চনছ, আনএকাডেমী, বাইযু আদিৰ দৰে আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানক চেৰ পেলাবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে গালৱান প্ৰদেশত চীনা সৈন্যৰে ভাৰতীয় সৈন্যৰ সংঘাত সৃষ্টি হোৱাৰ পিছতেই ভাৰতত চীনা সামগ্ৰীৰ লগতে চীনা ব্যৱসায়িক প্ৰতিষ্ঠান বর্জনৰ দাবী উত্থাপন হৈছিল। তেনে এক প্ৰেক্ষাপটত আই পি এলৰ পূৰ্বৰ স্পনছ’ৰ ভিভ’ই ২০২০ বৰ্ষৰ বাবে চুক্তিৰ পৰা বাহিৰ হ’ব লগা হয়। তাৰ পিছতে বি চি চি আইয়ে নতুন স্পনছ’ৰ বিচাৰি আৱেদন কৰিছিল।

বি চি চি আই ৰ আহ্বানৰ পিছতে বহুকেইটা ভাৰতীয় প্ৰতিষ্ঠানে স্পনছ’ৰশ্বিপ বাবে আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ ভিতৰত পতঞ্জলিও আছিল অন্যতম। অৱশেষত বহু জল্পনা কল্পনাৰ অন্ত পেলাই ২২২ কোটিৰ বিনিময়ত এই স্পনছ’ৰশ্বিপ ড্ৰিম১১ৰ হাতলৈ যায়।

উল্লেখযোগ্য যে এই বৰ্ষৰ আই পি এল ১৯ ছেপ্টেম্বৰৰ পৰা ইউনাইটেড আৰব এমিৰাটছত অনুষ্ঠিত হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments