Tuesday, October 4, 2022
HomeNewsতেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য একাদশৰ বিৰুদ্ধে এ চি এ সভাপতি একাদশৰ প্ৰীতি ক্ৰিকেট,দেওবাৰৰ...

তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য একাদশৰ বিৰুদ্ধে এ চি এ সভাপতি একাদশৰ প্ৰীতি ক্ৰিকেট,দেওবাৰৰ পৰা নিলয় দত্ত ট্ৰফী

অলিম্পিয়া প্ৰতিবেদন

তেজপুৰ বিশ্ববিদ্যালয়ত শনিবাৰে উপাচাৰ্য একাদশৰ বিৰুদ্ধে অসম ক্ৰিকেট সন্থা (এ চি এ) সভাপতি একাদশৰ এক প্ৰীতি ক্ৰিকেট মেচ অনুষ্ঠিত হয় । ১৩ অভাৰৰ মেচখনত এ চি এ সভাপতি একাদশে জয়লাভ কৰে ।
অসম ক্ৰিকেট সন্থাই উন্নত কৰা তেজপুৰ বিশ্ববিদ্যালয় ক্ৰিকেট ফিল্ডখন শনিবাৰে উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিনোদ কুমাৰ জৈনে । অনুষ্ঠানত উপস্থিত থাকে এ চি এৰ সভাপতি ৰমেন দত্ত, সম্পাদক দেৱজিত শইকীয়াৰ লগতে সন্থাৰ বিষয়ববীয়াসকল, তেজপুৰ ক্ৰীড়া সন্থাৰ সভাপতি ৰূপকমল কাকতি, ছাত্র কল্যাণ বিভাগৰ ডীন ডি ডেকা আৰু ক্ৰিকেটাৰসকল ।
২০২০ চনৰ এক বুজাপৰা চুক্তি অনুসৰি অসম ক্ৰিকেট সন্থাই তেজপুৰ বিশ্ববিদ্যালয়ত তিনিখন চেণ্টাৰ উইকেট আৰু দুখন প্ৰেকটিছ উইকেটকে ধৰি ক্ৰিকেট গ্ৰাউণ্ড খন উন্নীত কৰে । ইয়াৰ লগতে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় খেলপথাৰকো ক্ৰিকেটৰ বাবে উন্নীত কৰি তোলা হয় । এই দুয়োখন খেলপথাৰত দেওবাৰ অৰ্থাৎ ১৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আন্তঃৰাষ্ট্ৰীয় আম্পায়াৰ নিলয় দত্তৰ স্মৃতিত প্ৰথম আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট টুৰ্ণামেণ্ট ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments