Tuesday, October 4, 2022
HomeNewsনীৰজ চোপ্ৰাৰ নামত নামাংকৃত দেশৰ এক ক্ৰীড়া প্ৰতিষ্ঠান

নীৰজ চোপ্ৰাৰ নামত নামাংকৃত দেশৰ এক ক্ৰীড়া প্ৰতিষ্ঠান

অলিম্পিয়া প্ৰতিবেদন

এগৰাকী স্বৰ্ণজয়ী অলিম্পিয়ানৰ নামত উছৰ্গা কৰা হ’ল দেশৰ এক ক্ৰীড়া প্ৰতিষ্ঠান ।টকিঅ’ অলিম্পিকত স্বৰ্ণ জয়েৰে ভাৰতলৈ সুনাম কঢ়িয়াই অনা নীৰজ চোপ্ৰাক দিয়া হৈছে এই সন্মান।পুনেৰ আৰ্মী স্পৰ্টছ ইনষ্টিটিউট ক নামাকৰণ কৰা হ’ল ” নীৰজ চোপ্ৰা ষ্টেডিয়াম” নামেৰে । ক্ৰীড়াবিশ্বত নীৰজ চোপ্ৰা এক বহু চৰ্চিত নাম।নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়ৰ অন্তৰালত লুকাই আছে বহু বছৰীয়া কষ্ট, অধ্যৱসায় আৰু সাধনা ।তেওঁৰ এই কৃতিত্ব ভাৰতবাসীৰ বাবে প্ৰণিধানযোগ্য ।নৱ প্ৰজন্মৰ খেলুৱৈসকলৰ মাজতো বহু জনপ্ৰিয় হৈ পৰিছে নীৰজ চোপ্ৰা ।এইগৰাকী তাৰকা এথলীটক দেশৰ ক্ৰীড়া জগতত চিৰদিন-চিৰকাল উজ্বলাই ৰখাৰ মানসেৰে পুনেৰ আৰ্মী স্পৰ্টছ ইনষ্টিটিউটক নামাংকৃত কৰা হ’ল ভাৰতৰ গল্ডেন বয় নীৰজ চোপ্ৰাৰ নামেৰে।
শনিবাৰে, পুনেৰ এই বিশেষ প্ৰতিষ্ঠানটোত উপস্থিত হয় ভাৰতৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙ ।উদ্দেশ্য, নীৰজ চোপ্ৰা ষ্টেডিয়ামৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ ।এই সুন্দৰ অনুষ্ঠানত উপস্থিত থাকে খোদ নীৰজ চোপ্ৰা।
টকিঅ’ অলিম্পিকত ভাৰতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা নীৰজ চোপ্ৰাৰ নামেৰে এই বিশেষ ক্ৰীড়া প্ৰতিষ্ঠানটো শুভ উদ্বোধন কৰে প্ৰতিৰক্ষা মন্ত্রীজনে। নীৰজ চোপ্ৰাক পুনৰবাৰ অভিনন্দন জনোৱাৰ লগতে উক্ত অনুষ্ঠানত প্ৰতিৰক্ষা বিভাগৰ পৰা গৈ টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈ সকলকো সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে প্ৰতিৰক্ষা মন্ত্রীজনে প্ৰতিগৰাকী অলিম্পিয়ানক জনালে ধন্যবাদ। এইদৰেই, নীৰজ চোপ্ৰাৰ নামেৰে নামাংকৃত কৰা হ’ল পুনেৰ এই বিশেষ প্ৰতিষ্ঠানটো।আশা কৰিব পাৰি, নীৰজ চোপ্ৰাৰ নামত নামাংকৃত এই ক্ৰীড়া প্ৰতিষ্ঠানৰ পৰাই ভৱিষ্যতে আৰু বহু নীৰজ চোপ্ৰাৰ জন্ম হ’ব। নীৰজৰ বিশ্বজয়ৰ কাহিনীয়ে নৱ প্ৰজন্মক নতুন সপোন দেখুৱাব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments