Tuesday, October 4, 2022
HomeNewsNo অলিম্পিক; জাপান আভ্যন্তৰত তীব্ৰ প্ৰতিবাদ

No অলিম্পিক; জাপান আভ্যন্তৰত তীব্ৰ প্ৰতিবাদ


অলিম্পিয়া প্ৰতিবেদন

২৩ জুলাই৷ মাজত মাথো ৬৪ দিন৷ ইয়াৰ পিছতেই জাপানৰ টকিঅ’ চহৰত আৰম্ভ হ’ব বিশ্ৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া সমাৰোহ অলিম্পিক৷ দৰ্শক বিহীন ভাবে হ’ব এইবাৰৰ অলিম্পিক৷ কাৰণ কৰণা ভাইৰাছ৷ এক ঐতিহাসিক সিদ্ধান্ত৷ কৰণা ভাইৰাচৰ সংক্ৰমণৰ মাজতে এতিয়ালৈ এনে ধৰনেৰেই আগবাঢ়িছে সকলোবোৰ৷ আন্তৰ্জাতিক অলিম্পিক সংস্থা জাপান চৰকাৰ অটল নিজৰ স্থিতিত৷ অলিম্পিক পাতিবই৷ ইতিমধ্যে এবছৰ পিছুওৱা গলেই৷ আৰু নহব৷ কিন্তু জাপানত আন আন চহৰৰ লগতে টকিঅ’তো কৰোণাৰ সংক্ৰমণ ক্ৰমাৎ বাঢ়িছে৷ দৈনিক আক্ৰান্তৰ সংখ্যা সহস্ৰাধিক৷ মৃত্যুৰ সংখ্যাও বাঢ়িছে৷ এনে পৰিস্থিতিত জাপানৰ অভ্যন্তৰত অলিম্পিক বিৰোধী ঢৌ বাঢ়িছে৷ হাতে হাতে প্লে কাৰ্ড লৈ অলিম্পিক বিৰুধী প্ৰতিবাদী মিছিল বাহিৰ কৰিছে জাপানী জনগণে৷

NO Olympic, MURDE OLYMPIC আদি বহু শ্ল’গান
তদুপৰি মাইকৰ জৰিয়তে প্ৰচাৰ চলাই তেওঁলোকে আন আন জাপানী নাগৰিকক অলিম্পিক অনুস্থিত কৰাৰ বিৰোধীতা কৰিবলৈ আহ্বান জনাইছে৷ ক’ৰণাৰ দ্ৰুত সংক্ৰমণে টকিঅ’ চহৰৰ স্বাস্থ্য ক্ষেত্ৰত সৃষ্টি কৰা জৰুৰী অৱস্থাৰ বাবে অলিম্পিক পিছুবাই দিবলৈও আহ৩ান জনাইছে বহু নাগৰিকক৷ অলিম্পিকত অংশগ্ৰহণৰ বাবে উদ্যমী খেলুৱৈ সকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰি তেওঁলোকে কৈছে–এটা সোণ বা ৰূপৰ পদকতকৈ মানুহৰ জীৱনৰ মূল্য অধিক৷ ইয়াৰ বিপৰীতে জাপানৰ জনগণৰ লগতে বিশ্ববাসীক স্বাস্থ্য বিধি মানি লৈ কিদৰে অলিম্পিক অনুষ্ঠিত কৰিব পৰা যাব তাৰ বাবে পৰীক্ষামূলক কৰিলে মাৰাথানো অনুষ্ঠিত চৰকাৰে৷ কিন্তু সন্তুুষ্ট নহল জাপানৰ জনগণ৷ এফালে ক’ভিদৰ ভয়াবহ সংক্ৰমণ, এফালে জাপানী নাগৰিকৰ তীব্ৰ প্ৰতিবাদ ইয়াৰ মাজত কিদৰে অলিম্পিক অনুষ্ঠিত কৰিবলৈ আগবাঢ়িব আই এ’ল বা জাপান চৰকাৰে৷ সেয়া লক্ষণীয় হ’ব৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments