Tuesday, October 4, 2022
HomeNewsআই পি এলত ক্ৰয় নকৰাৰ বাবে কোনো আক্ষেপ নাই: চেটেশ্বৰ পূজাৰা

আই পি এলত ক্ৰয় নকৰাৰ বাবে কোনো আক্ষেপ নাই: চেটেশ্বৰ পূজাৰা

অলিম্পিয়া প্ৰতিবেদন

ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ সদস্য নিৰ্বাচনৰ ক্ষেত্ৰত পূৰ্বৰ দৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বৰ্তমান সমস্যাৰ সৃষ্টি নহয়। ঘৰুৱা ক্ৰিকেটৰ লগতে প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএলৰ জড়িয়তে লাভ কৰে বহু প্ৰতিভাৱান ক্ৰিকেটাৰ। পিছে ক্ৰিকেটৰ দীঘলীয়া সংস্কৰণ টেষ্টৰ বাবে আইপিএলৰ খেলুৱৈ সকল বৰ বিশেষ সুবিধাজনক নহয়। ক্ৰিকেটৰ চমু সংস্কৰণ টি-২০ ক্ৰিকেটাৰে খেল পথাৰত দীঘলীয়া সময়ৰ খেল খেলিবলৈ অসমৰ্থ। যাৰ বাবে টেষ্ট ক্ৰিকেটাৰ নিৰ্বাচনৰ ক্ষেত্ৰত বহু চিন্তা চৰ্চা কৰিবলগীয়া হয় নিৰ্বাচকে।

ভাৰতৰ টেষ্ট দলৰ নিৰ্ভৰযোগ্য বেটছমেন চেটেশ্বৰ পূজাৰা। ক্ৰিকেটৰ দীঘলীয়া সংস্কৰণৰ বাবে উপযোগী তেওঁ। দীঘলীয়া সময়ৰ বাবে তেওঁ খেলি যাব পাৰে। বহুতেই ক’বলৈ আৰম্ভ কৰিছে ‘দ্যা ৱাল’ৰ দ্বিতীয় সংস্কৰণ পূজাৰা। অৰ্থাৎ দ্ৰাবিড়ৰ উত্তৰসূৰী। পিছে এইজন পূজাৰা আইপিএলৰ লগত জড়িত নহয়।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত পূজাৰাই আইপিএলৰ প্ৰসংগত কয় যে, আইপিএলৰ নিলামী পক্ৰিয়াত তেওঁক কোনেও ক্ৰয় নকৰাৰ বাবে তেওঁ দুখ নকৰে।

তেওঁৰ মতে, দক্ষিণ আফ্ৰিকাৰ মহান ক্ৰিকেটাৰ হাচিম আমলা আৰু বহু ভাল খেলুৱৈক আইপিএলৰ নিলামী প্ৰক্ৰিয়াত ফ্ৰেঞ্চাইজিয়ে ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে। এইলৈ দুখ প্ৰকাশ নকৰোঁ। অৱশ্যে মোৰ দুখ তেতিয়াহে লাগে যেতিয়া মানুহে মই কেৱল ৰঙা বলৰ খেলুৱৈ বুলিহে ক’বলৈ বিচাৰে। মই সীমিত অভাৰৰ ঘৰুৱা ক্ৰিকেটত প্ৰমাণ কৰিছোঁ যে মই বগা বলৰো এজন নিৰ্ভৰযোগ্য খেলুৱৈ।

পূজাৰাই আকৌ কয় যে, মই সুযোগ পোৱা উচিত যাতে মই প্ৰতিভা দেখুৱাব পাৰো। মোৰ হিচাপ আইপিএলৰ সেইসকল খেলুৱৈৰ লগত হয় যাৰ ষ্ট্ৰাইক ৰেট ১১০ তকৈ কম হয়।

মন কৰিবলগীয়া যে পূজাৰাই ২০১৮-১৯ ৰ অষ্ট্ৰেলিয়াই ভ্ৰমণৰ সময়ছোৱাৰ টেষ্ট চিৰিজত ভাৰতক ২-১ত জয় লাভৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল। সেই চিৰিজত তেওঁ ৫০০ তকৈ অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। আকৌ আইপিএলত তেওঁ ৩০খন মেচত অংশলৈ ৩৩০ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments