Tuesday, October 4, 2022
HomeNewsনগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেটৰ সফল সামৰণি,হিলফুল ক্লাব চেম্পিয়ন

নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেটৰ সফল সামৰণি,হিলফুল ক্লাব চেম্পিয়ন

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

মৰিগাঁও জিলাৰ নগাবন্ধা বজাৰ সমিতিৰ উদ্যোগত নগাবন্ধা মিনি ষ্টেডিয়াম (হাইস্কুল খেলপথাৰ)ত দেওবাৰে সফলতাৰে সামৰণি পৰে ২৩ সংখ্যক সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা । অৱশেষত এই প্ৰতিযোগিতাত মৰিগাঁও মিলনপুৰৰ হিলফুল ক্লাবে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মুঠ ৩২ টা দলে যোগদান কৰা প্ৰতিযোগিতাৰ দেওবাৰৰ ফাইনেলত হিলফুল ক্লাবে জাগীৰোডৰ দিলচান ইলেভেনক চাৰি উইকেটত পৰাজিত কৰে । খেলখনত দিলচান ইলেভেনে পোনতে বেট ধৰি পৱন চেত্ৰীৰ -৩৮, ৰিংকু আহমেদৰ -৩৭, নজমুল ইছলামৰ -১৭ আৰু মেলেং সিঙৰ -১৩ ৰাণৰ উল্লেখনীয় বৰঙণিৰে ২০অভাৰত ৯ টা উইকেট হেৰুৱাই ১৫০ ৰাণ সংগ্ৰহ কৰে । বলিঙত হিলফুল ক্লাবৰহৈ ৰিয়ান লামাই তিনিটা, চৈয়দ আহমেদ আৰু নিপন ডেকাই দুটাকৈ তথা ইনামুল হকে এটা উইকেট দখল কৰে । প্ৰত্যুত্তৰত হিলফুল ক্লাব দলটোৱে কৃষ্ণ হীৰাৰ -৪৮, টাজিন্দৰ সিঙৰ -২২ আৰু বাস্তৱ হাজৰিকাৰ -১৮ ৰাণৰ উল্লেখনীয় অৱদানৰে ১৯.২ অভাৰত ছটা উইকেটৰ বিনিময়ত ১৫২ ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্য অতিক্ৰম কৰে । বলিঙত দিলচান ইলেভেনৰহৈ মণ্টু বড়োয়ে তিনিটা, হিতেশ্বৰ বৰদলৈয়ে দুটা আৰু পৱন চেত্ৰীয়ে এটা উইকেট পায় । আব্দুল জলিল আৰু মফিজুৰ ৰহমান খান আম্পায়াৰৰূপে থকা ফাইনেল খেলখন মুকলি কৰে মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী ইছমে আৰা বেগমে । খেলৰ অন্তত সমাজকৰ্মী হবিবুৰ ৰহমান ছিদ্দিকীৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানত মুখ্য অতিথি অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীৰ লগতে বিশিষ্ট সমাজকৰ্মী ছিদ্দিক আহমেদ, নুৰুল হুদা, সমীৰ হাজৰিকা, আব্দুল মুনিম ফাৰুকী (মিছবা), ডাঃ ইয়াকুব মোল্লা, মাছুদ আলম(পিটু), ৰিয়াজউদ্দিন খান, হামিদুৰ ৰহমান ছিদ্দিকী, আচিফুৰ ৰহমান, নেকিবুৰ ৰহমান ছিদ্দিকী আদিয়ে বঁটাসমূহ বিতৰণ কৰে । দিলচান ইলেভেনৰ মেলেং সিং ‘মেন অব দ্য ছিৰিজ’ আৰু হিলফুল ক্লাবৰ কৃষ্ণ হীৰা ফাইনেলৰ ‘মেন অব দা মেচ’ৰূপে পৰিগণিত হয় । ফাইনেল খেলৰ দৰ্শকলৈ নিউজ নৰ্থ ইষ্ট অসমৰ স্বত্বাধিকাৰী আটাবুৰ ৰহমানে বিনামূলীয়াকৈ মাস্ক’ আগবঢ়াইছিল ।উল্লেখ্য যে, প্ৰতিযোগিতাৰ বিজয়ী দলে নগদ ৫০ হেজাৰ পাঁচশ টকা আৰু ৰাৰ্ণাছ আপ দলে নগদ ২৫ হেজাৰ টকাসহ ট্ৰফী লাভ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments