Monday, October 3, 2022
HomeNewsনগাঁৱৰ কুৰুৱাবাহী-গেদাৰবড়িত সদৌ অসম ভিত্তিত প্ৰাইজমাণি ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ

নগাঁৱৰ কুৰুৱাবাহী-গেদাৰবড়িত সদৌ অসম ভিত্তিত প্ৰাইজমাণি ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ

✍️ নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতিকাষৰীয়া কুৰুৱাবাহী চাৰিআলিৰ সমীপৰ কুৰুৱাবাহী-গেদাৰবড়ীৰ অস্থায়ী খেলপথাৰত দুই নং গেদাৰবড়ী শৰীৰ চৰ্চা কেন্দ্ৰ আৰু গেদাৰবড়ী ক্ৰিকেট ক্লাৱৰ যৌথ উদ্যোগত মঙলবাৰৰ পৰা সদৌ অসম ভিত্তিত এখনি প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে । সীমিত অভাৰৰ এই প্ৰতিযোগিতাৰ উদ্বোধনী খেলত জে বি ক্লাবে প্ৰণৱ পাটৰৰ অনবদ্য বৰঙণিৰে গেদাৰবড়ী জুনিয়ৰ ক্ৰিকেট ক্লাবক ৮ উইকেটত পৰাজিত কৰে । মঙলবাৰৰ আন দুখন খেলত ক্ৰমে ৰুদ্ৰ ইলেভেনে তুলসীমুখ ক্ৰিকেট ক্লাবক ১৬ ৰাণত আৰু জামুগুৰি ক্ৰিকেট ক্লাবে কে জে চি চিক ২৯ ৰাণত হৰুৱাই অগ্ৰগতি লাভ কৰিছে । দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ তথা সমাজ সংগঠক লৱকান্ত শৰ্মা আৰু বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰভাত চন্দ্ৰ বৰাই যুটীয়াভাৱে উদ্বোধন কৰা প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নগাঁও জিলা সমিতিৰ সম্পাদক তথা ক্ৰীড়া সংগঠক সমীৰ হাজৰিকা, অৱসৰপ্ৰাপ্ত কৃৰ্তী শিক্ষক মিহিৰাম ভূঞা, সমাজকৰ্মী ভদ্ৰ বৰা, যতীন বৰঠাকুৰ, মৃদুপৱন বৰা, প্ৰাক্তন খেলুৱৈ প্ৰণৱ বৰদলৈ, ৰুনমণি কাকতি আদি উপস্থিত থাকে ।উদ্বোধনী খেলখনত আম্পায়াৰৰূপে অঞ্জন ৰাজখোৱা আৰু মঞ্জুল বৰঠাকুৰ আছিল । ইপিনে, আয়োজক সমিতিৰ সভাপতি বনজিৎ গৌতম, সম্পাদক পৰশ প্ৰাচুৰ্য ভূঞা আৰু বিষয়ববীয়া কৃষ্টি গৌতমে জনোৱামতে প্ৰতিযোগিতাৰ চেম্পিয়ন দলক ট্ৰফীৰ লগতে নগদ দহ হাজাৰ টকা আৰু ফাইনেলিষ্ট দলক ট্ৰফীৰ লগতে নগদ পাঁচ হাজাৰ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰাৰ উপৰি মেন অৱ দ্য ছিৰিজ আৰু প্ৰতিখন খেলৰ মেন অৱ দ্য মেচৰূপে বিবেচিত খেলুৱৈকো বিশেষ বঁটাৰে পুৰস্কৃত কৰাৰ ব্যৱস্থা লোৱা হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments