Tuesday, October 4, 2022
HomeNewsনগাঁৱৰ পুৰণিগুদামত বেডমিণ্টনৰ বতাহ

নগাঁৱৰ পুৰণিগুদামত বেডমিণ্টনৰ বতাহ

অলিম্পিয়া প্ৰতিবেদন

নগাঁৱৰ পুৰণিগুদামত বেডমিণ্টনৰ বতাহ । ৰেকেটৰ হট শ্বটত জীপাল মুঢ়ানি প্ৰাথমিক বিদ্যালয় খেলপথাৰ ।
আন্তঃআঞ্চলিক পুৰুষ ডাবলছ বেডমিণ্টন প্ৰতিযোগিতাত স্থানীয় খেলুৱৈৰ অংশগ্ৰহণ ।

নগাঁৱৰ পুৰণিগুদামত বিৰাজ কৰিছে এক সুন্দৰ ক্ৰীড়াৰ পৰিবেশে । মুঢ়ানি যুৱক সংঘৰ উদ্যোগত শুকুৰবাৰে বিয়লি অনুষ্ঠিত হ’ল আন্তঃআঞ্চলিক পুৰুষ ডাবলছ বেডমিণ্টন প্ৰতিযোগিতা । অংশ ললে আঞ্চলিকৰ ১৪ টাকৈ শক্তিশালী বেডমিণ্টন যুটিয়ে । ভেলগুৰি, পুৰণিগুদাম, চামগুৰি , আউনীআটী আদি স্থানৰ আঞ্চলিকৰ দলসমূহে উজাৰি দিলে নিজৰ শ্ৰেষ্ঠত্ব । লাইটৰ পোহৰত ৰোমাঞ্চকৰ হৈ পৰিল বেডমিণ্টনৰ মৈদান । এই প্ৰতিযোগিতাৰ ফাইনেলত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে চামগুৰিৰ নয়ন বৰা আৰু খনিন্দৰ বৰাৰ যুটিয়ে । আনহাতে, দ্বিতীয় স্থান দখল কৰিলে পুৰণিগুদামৰ ৰূপজ্যোতি বৰা আৰু টুমন বৰাৰ যুগলবন্দীয়ে ।
উল্লেখযোগ্য যে, মুঢ়ানি যুৱ সংঘৰ উদ্যোগত প্ৰতিবছৰে এই বেডমিণ্টন প্ৰতিযোগিতাখন আয়োজন কৰি আহিছে । পুৰণিগুদামৰ লগতে নগাঁৱৰ জিলাৰ খেলুৱৈসকলক ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিবলৈ আয়োজকে গ্ৰহণ কৰা পদক্ষেপক শলাগিছে ক্ৰীড়া অনুৰাগীয়ে । সকলো ঠিকে থাকিলে জিলা ভিত্তিতো এখন বেডমিন্টন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ সম্ভাৱনিয়তাৰ কথা উল্লেখ কৰে মুঢ়ানি যুৱ সংঘৰ সহকাৰী সম্পাদক জয়ন্ত বৰাই ।

ক্ৰীড়া অনুৰাগীৰ আশা –এনেধৰণৰ প্ৰতিযোগিতাৰ পৰাই জাগ্ৰত হওক গ্ৰামাঞ্চলৰ সুপ্ত প্ৰতিভাসমূহ । স্ব-প্ৰতিভাৰে ক্ৰীড়াৰ ঢাপে ঢাপে আগুৱাই যাওক এইসকল বেডমিণ্টন খেলুৱৈ । তৃণমূল পৰ্যায়ৰ পৰাই ক্ৰীড়াৰ সাধনাৰে খেলুৱৈসকলে অৰ্জন কৰক এখন বেডমিণ্টনৰ সুবিশাল মঞ্চ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments