Tuesday, October 4, 2022
HomeNewsশিঙ্গাৰী বজাৰ প্ৰাইজমানি ক্ৰিকেটত মিজান ইলেভেন চেম্পিয়ন

শিঙ্গাৰী বজাৰ প্ৰাইজমানি ক্ৰিকেটত মিজান ইলেভেন চেম্পিয়ন

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও জিলাৰ তেলিয়া পথাৰৰ শিঙ্গাৰী বজাৰ আঞ্চলিক খেলপথাৰত নিউ গ্ৰীণ গেলেক্মী (এন জি জি) ক্লাবৰ উদ্যোগত আৰু খেলপথাৰ পৰিচালনা সমিতিৰ সহযোগত শনিবাৰে নগাঁও আৰু মৰিগাঁও জিলা ভিত্তিত অনুষ্ঠিত প্ৰাইজমানি এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাত মিজান ইলেভেনে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিছে । আঠদলীয় আমন্ত্ৰণমূলক এই প্ৰতিযোগিতাৰ বৰ্ষাবিঘ্নিত ফাইনেলত মিজান ইলেভেনে খুটিকটীয়াৰ আৰোহী ইলেভেনক ৮ উইকেটত পৰাজিত কৰে ।ছেমি ফাইনেলত মিজান ইলেভেনে ৰূপহী টাটা ইলেভেনক ৮ উইকেটত আৰু আৰোহী ইলেভেনে শিঙ্গাৰী ইলেভেন ষ্টাৰক ১০ ৰাণত হৰুৱাই ফাইনেলত উপনীত হৈছিল । প্ৰতিযোগিতাৰ অন্তত সামৰণি অনুষ্ঠানত নগাঁও জিলা খো-খো সন্থাৰ সম্পাদক তথা ক্ৰীড়া সংগঠক সমীৰ হাজৰিকা, সমাজকৰ্মী জিয়াউৰ ৰহমান, হাৰুন আল ৰছিদ, বছিৰ উদ্দিন, ৰেজাউৰ ৰহমান (ৰিবুল), নজমে ছাদ্দিক, ছাব্বিৰ আহমেদ (ৰাজু), জেহিৰুল ইছলাম, মুস্তাফিজুৰ ৰহমান মড়ল, মিজানুল হক আৰু নেকিবুৰ ৰহমান ছিদ্দিকী আদি উপস্থিত থাকি বিভিন্ন বঁটাসমূহ বিতৰণ কৰে । মিজান ইলেভেনৰ নিলোৎপল হাজৰিকাই ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু আৰোহী ইলেভেনৰ মৃন্ময় বৰাই মেন অব দ্য ছিৰিজৰ বঁটা লাভ কৰে । উল্লেখ্য যে,ইয়াচিনুল হক আৰু জিয়াৰুল হক ফকীৰ আম্পায়াৰৰূপে থকা ফাইনেল খেলখন মকছিদুল হক আৰু বচিৰ উদ্দিনে ধাৰাবিৱৰণী দি ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments