Sunday, October 2, 2022
HomeNewsবিশ্বনাথত অনুষ্ঠিত হ'ব সৰ্ববৃহৎ সন্মিলন "নৰ্থ ইষ্ট ৰাইডাৰ মিট "

বিশ্বনাথত অনুষ্ঠিত হ’ব সৰ্ববৃহৎ সন্মিলন “নৰ্থ ইষ্ট ৰাইডাৰ মিট “

অলিম্পিয়া প্ৰতিবেদন

অসমৰ ক্ৰীড়াক্ষেত্রৰ বাবে এক ভাল খবৰ।বিশ্বনাথত অনুষ্ঠিত হ’ব এই বৰ্ষৰ ৰয়েল এণ্ডফিল্ড আৰোহীৰ বৃহৎ সন্মিলন ।ভাৰতৰ বিভিন্ন ঠাইৰ প্ৰায় পাঁচ শতাধিক আৰোহীৰয়ে কৰিব অংশগ্ৰহণ।বিশ্বনাথৰ অন্যতম দুঃসাহসিক ক্ৰীড়া সন্থা হ’ল ‘নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেচন’ অথাৎ চমুকৈ নিঅ’।

বিগত এঘাৰ বছৰে বিভিন্ন দুঃসাহসিক কাৰ্য তথা ক্ৰীড়াৰে ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে সন্থাই।বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট বেছ কেম্প ট্ৰেকিং, খাৰদুংলালৈ বাইক ৰাইডিঙৰে যাত্রা আদি কৰি গঢ়িছে অভিলেখ ।ইয়াৰোপৰি প্ৰায় দুই শতাধিক যুৱক-যুৱতীক বিভিন্ন দুঃসাহসিক ক্ৰীড়া যেনে পৰ্বতাৰোহণ, পেৰা জাম্প, ট্ৰেকিং ৰাফটিং আদিৰ প্ৰশিক্ষণ দি আহিছে সন্থাই।


সমান্তৰালভাৱে,নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেচন’ৰ ৰয়েল এণ্ডফিল্ড মটৰ চাইকেল আৰোহীৰ দলে প্ৰতিবছৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত অনুষ্ঠিত ‘নৰ্থ ইষ্ট ৰাইডাৰ মিট”ৰ বৃহৎ সন্মিলনীত অংশ লৈ আহিছে।
আশাৰ খবৰটো এইয়াই যে এই বৰ্ষৰ ২৭ আৰু ২৮ নৱেম্বৰত বিশ্বনাথত পোন-প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব এই সন্মিলন।ইতিমধ্যে সন্থাৰ সদস্য সকলে প্ৰস্তুতি আৰম্ভ কৰিছে।অতি শীঘ্ৰেই অনলাইন ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াও আৰম্ভ হ’ব ।এই কথা জনালে সন্থাৰ বিষয়-ববীয়াই।


উল্লেখযোগ্য যে অসম অৰুণাচল সীমান্তৱৰ্তী মনোৰম প্ৰাকৃতিক পৰিবেশনেৰে ভৰপূৰ ভৰাজুলীত অনুষ্ঠিত হ’ব এই সন্মিলন।এই সন্মিলনত অংশগ্ৰহন কৰিব ভাৰতৰ বিভিন্ন ঠাইৰ প্ৰায় পাঁচ শতাধিক এণ্ডফিল্ড আৰোহীয়ে।লগতে নেপাল আৰু ভূটানৰ পৰাও আৰোহী আগমণৰ আছে সম্ভাৱনা ।বিভিন্ন ধেমেলীয়া খেল, দুঃসাহসিক খেল, থলুৱা খাদ্য, সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এই বৰ্ষৰ ‘নিঅ’ ৰাইডাৰ মিট ‘।
এনে অনুষ্ঠানৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত ভ্ৰাতৃত্ব ভাৱ গভীৰ হোৱাৰ ওপৰিও বিশ্বনাথ তথা অসমৰ
বিভিন্ন ঐতিহাসিক স্থানসমূহ বিশ্বদৰবাৰত চিনাকী হ’ব ।এতিয়া বিশ্বনাথবাসী তথা অসমবাসীৰ আশা এই সন্মিলনে পূৰ্ণতা পাওক।ৰাইজৰ আকুন্ঠ সঁহাৰিত সাফল্যমণ্ডিত হওঁক ‘ নিঅ’ ৰাইডাৰ মিট’।

✍️বিশ্বনাথৰ পৰা হোমেন বৰ্মনৰ প্ৰতিবেদন

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments