Wednesday, September 28, 2022
HomeNewsআকৌ পৰাজয় :ক্ৰমে শক্তিহীন হৈ পৰিছে নেকি নৰ্থ ইষ্ট ইউনাইটেড এফ চি!

আকৌ পৰাজয় :ক্ৰমে শক্তিহীন হৈ পৰিছে নেকি নৰ্থ ইষ্ট ইউনাইটেড এফ চি!

অলিম্পিয়া প্ৰতিবেদন

ক্ৰমে শক্তিহীন হৈ পৰিছে নেকি নৰ্থ ইষ্ট ইউনাইটেড এফ চি ? আই এছ এলত পুনৰ ধৰাশায়ী নৰ্থ ইষ্ট ইউনাইটেড । চেন্নাইয়েন এফ চিৰ হাতত পৰাভূত নৰ্থ ইষ্ট । পইন্ট তালিকাৰ সৰ্বনিম্ন স্হানলৈ অৱনমিত জন আব্ৰাহামৰ দল । নিৰাশাত উত্তৰ পূৰ্বাঞ্চলৰ ফুটবলপ্ৰেমী ।

অৰ্থবহুল ফুটবল টুৰ্নামেন্ট ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলত ইখনৰ পাছত সিখন মেছত পৰাজয় স্বীকাৰ কৰিছে উত্তৰ-পূবৰ একমাত্ৰ ফুটবল দলটোৱে । গোৱাত চলি আছে এই ছিজনৰ ফুটবলৰ মহাৰণ আই এছ এল । নৰ্থ ইষ্ট ইউনাইটেডৰ নিজস্ব ত্রয়োদশখন মেছতো সেই একে পৰাজয়ৰ ধাৰা অক্ষুণ্ণ থাকিল । শনিবাৰে ফাটৰডাৰ পি এন জে ষ্টেডিয়ামত দলটো মৈদানত নামিছিল অন্যতম শক্তিশালী দল চেন্নাইয়েন এফ চিৰ বিৰুদ্ধে । পিছে আকৌ মুখথেকেছা খালে বলিউড তাৰকা জন আব্ৰাহাম মালিকাধীন দলটোৱে । প্ৰথমাৰ্ধত চমকপ্ৰদ প্ৰৰ্দশন আগবঢ়াইছিল নৰ্থ ইষ্টে । প্ৰথমাৰ্ধৰ ৩৫ মিনিটত নৰ্থ ইষ্ট ৰ হৈ ৰাল্টেই প্ৰথমটো গ’ল দি দলটোক অগ্ৰগতি প্ৰদান কৰে । এই গ’লটোৰ দ্বাৰা আশা জগাই তুলিলে উত্তৰ পূবৰ দলটোৰ সমৰ্থকক । কিন্তু খেলৰ দ্বিতীয়াৰ্ধত সলনি হ’ল সম্পূৰ্ণ দৃশ্যপট । প্ৰত্যুত্তৰত চেন্নাইয়েন এফ চিৰ হৈ ৫২ মিনিটত বৰিছিউক আৰু ৫৮ মিনিটত কমিনে দুটাকৈ গ’ল দি মেচখন অধিক ৰোমাঞ্চকৰ কৰি তুলি তুলে । দুৰ্ভাগ্যজনকভাৱে, দ্বিতীয়াৰ্ধত নৰ্থ ইষ্ট ইউনাইটেডে এটাও গ’ল পৰিশোধ কৰিবলৈ সক্ষম নহ’ল । ফলত ২-১ গ’লৰ ব্যৱধানত জয়ী হয় চেন্নাইয়েন এফ চি ।

এই পৰাজয়ৰ পাছতেই পূৰ্বে সংগ্ৰহিত মুঠ ৯ পইন্টৰে তালিকাৰ সৰ্বনিম্ন একাদশ স্হানলৈ অৱনমিত হ’ল নৰ্থ ইষ্ট । আনহাতে ২০ পইন্টেৰে তালিকাৰ শীৰ্ষত থকা দলটো হ’ল কেৰালা ব্লাষ্ট্ৰাৰ্ছ ।


উল্লেখযোগ্য যে এই পৰ্যন্ত নৰ্থ ইষ্টে খেলা ১৩ খন মেচৰ ভিতৰত ২ খনত জয়ী হোৱাৰ বিপৰীতে ৮ খনতেই পৰাজয় বৰণ কৰিছে । ইয়াৰে ৩ খন মেচ হৈছিল ড্ৰ । অহা ২৫ জানুৱাৰী মঙ্গলবাৰে পৰৱৰ্তী মেচত নৰ্থ ইষ্ট ইউনাইটেড অৱতীৰ্ণ হ’ব মুম্বাই চিটি এফ চি বিৰুদ্ধে । নৰ্থ ইষ্ট ইউনাইটেডৰ ধাৰাবাহিক পৰাজয়ে আশাত চেঁচাপানী ঢালিছে উত্তৰ পূৰ্বাঞ্চলৰ ফুটবলপ্ৰেমীৰ মাজত । বিগত ছিজনৰ ছেমিফাইনেলিষ্ট নৰ্থ ইষ্ট ইউনাইটেডৰ এনে ছন্দ পতন কিয় ? দলটোক শক্তিশালী কৰি তুলিবলৈ কেনে ৰণনীতি তৈয়াৰ কৰিব নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক খালিদ জামিলে ? উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়াঅনুৰাগীৰ আশা– হেৰুৱা ছন্দ ঘূৰাই পাওক উত্তৰ পূৰ্বাঞ্চলৰ ফুটবল দলটোৱে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments