Tuesday, October 4, 2022
HomeNewsআইএছএলত ড্ৰ'ৰে অভিযান সামৰিলে নৰ্থ ইষ্টে : হতাশাত প্ৰশিক্ষক খালিদ জামিল

আইএছএলত ড্ৰ’ৰে অভিযান সামৰিলে নৰ্থ ইষ্টে : হতাশাত প্ৰশিক্ষক খালিদ জামিল

অলিম্পিয়া প্ৰতিবেদন

আই এছ এলত ড্ৰ ৰে অভিযান সামৰিলে নৰ্থ ইষ্ট ইউনাইটেডে । এই ছিজনৰ বাবে বুট খুলি থলে উত্তৰ পূৰ্বাঞ্চলৰ দলটোৱে । চেম্পিয়নৰ বাবে অপেক্ষা কৰিব লাগিব পুনৰ আন এটা ছিজন ।

আই এছ এলৰ ৰণভূমিৰ পৰা বিষাদেৰে বিদায় ললে জন আব্ৰাহাম মালিকাধীন দল নৰ্থ ইষ্ট ইউনাইটেডে । সোমবাৰে নিজা বিংশতম তথা অন্তিমখন লীগ মেচত নৰ্থ ইষ্ট অৱতীৰ্ণ হ’ল অন্য এক দুৰ্বল দল ইষ্ট বেংগলৰ বিৰুদ্ধে । নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ অষ্ট্ৰেলিয়াৰ খেলুৱৈ মাৰ্কো ছাহানেকে প্ৰথৰ্মাধৰ হুইছেল বজাৰ ঠিক আগমূহুৰ্তত ১ টা গ’ল দি দলটোক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে । পিছে এই অগ্ৰগতি বেছিপৰ স্থায়ী নহ’ল । দ্বিতীয়াৰ্ধৰ ১০ মিনিট অৰ্থাৎ মেচৰ ৫৫ মিনিটত ইষ্ট বেংগলৰ ক্ৰয়েছিয়ান খেলুৱৈ এণ্টনিঅ’ পেৰছেভিক উক্ত গ’ল পৰিশোধ কৰাত মেচখন ১-১ গ’লত সমতা স্থাপন কৰে । ৰেফাৰীৰ হুছেইল বাজি উঠালৈকে কোনোটো দলে আপ্ৰাণ চেষ্টা কৰিও অধিক গ’ল দিব নোৱাৰিলে । ফলত ড্ৰৰে সামৰণি পৰিল মেচখন । ইয়াৰ লগে লগে এই ছিজনৰ পৰা দুখজনকভাবে বিদায় ললে নৰ্থ ইষ্ট ইউনাইটেডে । মুঠ ১১ টা দলৰ এই টুৰ্ণামেণ্টত ২০ খন লীগ মেচ খেলিলে উত্তৰ পূৰ্বাঞ্চলৰ দলটোৱে ।ইয়াৰে মাত্ৰ ৩ খনত জয়ী হোৱাৰ বিপৰীতে ১২ খনতে পৰাজয় স্বীকাৰ কৰিছে নৰ্থ ইষ্ট । ড্ৰৰে সমাপ্ত হ’ল ৫ খন মেচ । মুঠ ১৪ পইন্ট সংগ্ৰহেৰে তালিকাৰ দশম স্থানতে থিতাপি ললে যোৱাবাৰৰ ছেমি ফাইনেলিষ্ট নৰ্থ ইষ্টে ।

দলটোৱে অভিযান সামৰাৰ পাছত নৰ্থ ইষ্টৰ মুখ্য প্ৰশিক্ষক খালিদ জামিলে প্ৰকাশ কৰিছে মনোভাৱ । দলৰ প্ৰদৰ্শনক লৈ হতাশ প্ৰশিক্ষক গৰাকী । ইয়াৰ বাবে কোনো খেলুৱৈক দোষাৰোপ কৰিব বিচৰা নাই খালিদ জামিলে ।তেও কয় – “আমি সাধ্যানুসাৰে চেষ্টা কৰিছিলো । ফলাফলবোৰ আমাৰ অনূকুলে নাহিল । দলৰ সৈতে এবছৰীয়া চুক্তিত আছো । ভৱিষ্যতে কি হব সেয়া সময়ে কব ।”

এনেদৰেই নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষকজনে নিজে এই ছিজনত সফল হ’ব নোৱাৰাৰ কথা স্বীকাৰ কৰিলে ।উল্লেখযোগ্য যে, অহা ২০ মাৰ্চত অনুষ্ঠিত হ’ব আই এছ এলৰ ফাইনেলৰ মহাৰণ । ফাইনেলৰ যুঁজত কোন দুটা দল নামিব মৈদানত সেয়া প্ৰকাশ পাব ছেমি ফাইনেলৰ অন্তত
। বাকী দলসমূহৰ লীগ মেচ বাকী আছেগৈ ৮ খন । মংগলবাৰে ৩৪ পইন্টেৰে দ্বিতীয় স্থানত থকা জামচেদপুৰ যুঁজত নামিব ৩৫ পইন্টেৰে শীৰ্ষস্থানত থকা হায়দৰাবাদ এফ চিৰ বিৰুদ্ধে । ছেমি ফাইনেলৰ বাবে দুৱাৰ খোলা থকা দলকেইটা হ’ল– হায়দৰাবাদ, জামচেদপুৰ, এ টি কে মোহন বাগান, মুম্বাই ,কেৰালা ব্লাষ্টাৰ্ছ। এই কেইটা দল এতিয়া সাজু হৈছে ছেমি ফাইনেলৰ বাবে যুঁজিবলৈ ।

দেশৰ সৰ্ববৃহৎ ফুটবল টুৰ্ণামেন্টখনৰ পৰা
এই ছিজনৰ বাবে নৰ্থ ইষ্ট দলটোৱে আই এছ এল ৰণভূমিৰ পৰা বিদায়ৰ পাছতে আশাহত হ’ল উত্তৰ পূৰ্বাঞ্চলৰ ফুটবলপ্ৰেমী । অহা ছিজনৰ বাবে নৰ্থ ইষ্ট দলৰ মুখ্য প্ৰশিক্ষক বা দলত স্থান লাভ কৰা খেলুৱৈ কিদৰে প্ৰস্তুত হ’ব, তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ।
তথাপি অৰ্থবহুল ফুটবল টুৰ্নামেন্ট আই এছ এলত কোনে পিন্ধিব বিজয়ৰ মুকুট, তাক লৈ উৎকন্ঠিত সমগ্ৰ ফুটবল বিশ্ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments