আজি সৰুসজাইত নৰ্থ ইষ্ট ইউনাইটেডে কেৰেলাৰ বিৰুদ্ধে ফিল্ডত নামিব। প্ৰায় দুটা মাহৰ অন্তত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে গৃহ চহৰত খেলিবলৈ আহিছে। দলটোৱে গৃহ চহৰত অন্তিমখন মেচ খেলিছিল ১৮ ডিচেম্বৰত। এতিয়ালৈকে ১৩ খন মেচ খেলি নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ১১ পইন্ট অৰ্জন কৰি পইন্ট তালিকাৰ নৱম স্থানত আছে। আনহাতে কেৰেলা ব্লাষ্টাৰ্ছ দলে ১৫ খন মেচত অৱৰ্তীৰ্ণ হৈ ১৪ পইণ্ট অৰ্জন কৰিছে। অৱশিষ্ট তিনিখন মেচত জয় লাভ কৰিলেও দলটোৱে প্লে’ অফলৈ যোগ্যতা অৰ্জন কৰিবলৈ নোৱাৰে। এতিয়াও ৫ খন মেচ হাতত থকা নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ অৱশ্যে প্লে’অফলৈ যোগ্যতা অৰ্জন কৰাৰ ক্ষীণ আশা এতিয়াও আছে। হাতত থকা ৫ খন মেচত দলটো জয়লাভ কৰিলেই প্লে’অফত প্ৰৱেশ কৰিব। কিন্তু ধাৰাবহিকভাৱে ৯ খন মেচত জয়ৰ মুখ নেদেখা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে যে ৫ খন মেচত জয়লাভ কৰিব পাৰিব তাত সন্দেহ আছে। বৰ্তমানলৈকে ১৩ খন মেচত অংশ লৈ নৰ্থ ইষ্ট ইউনািটেড এফ চিয়ে ১১ পইণ্ট লাভ কৰি তালিকাৰ নৱম স্থানত আছে। দলটোৱে বিগত চাৰিখন মেচত ধাৰাবিহকভাৱে পৰাস্ত হোৱাৰ বিপৰীতে ৫খন মেচ ড্ৰ খেলিছে। ষ্ট্ৰাইকাৰৰ অভাৱত ভোগা দলটোৰ প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নিয়ে সংবাদ মাধ্যমৰ আগত এই কথা অসহায়ভাৱে স্বীকাৰ কৰিছে। ‘ আমি ষ্ট্ৰাইকাৰৰ অভাৱত ভূগিছো। গিয়ানৰ আঘাতে আমাৰ ৰণনীতি স্থবিৰ কৰিলে। তাৰপিছত আমি গ’ল কৰিব পৰা নাই। ামি ভাল খেলিছো, কিন্তু গ’ল কৰাত ব্যৰ্থ হৈছো। এয়াই আমাৰ দলৰ সমস্যা।’- অসহায় ৰবাৰ্ট জাৰ্নিৰ স্বীকাৰোতি।
প্লে’ অফলৈ যোগ্যতা অৰ্জন কৰিব পাৰিব নৰ্থ ইষ্ট ইউনাইটেডে!
- Advertisment -
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...