আই এছ এলত নৰ্থ ইষ্ট ইউনাইটেডৰ ড্ৰ; সুযোগ পালে অসমৰ প্ৰজ্ঞান গগৈয়েও

অলিম্পিয়া প্ৰতিবেদন

গোৱাত অব্যাহত ফুটবল মহাৰণ ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এল।বৃহস্পতিবাৰে, সমুখ সমৰত নামিল নৰ্থ ইষ্ট ইউনাইটেড আৰু কেৰালা ব্লাষ্টাৰ্ছ।আক্ৰমণ -প্ৰত্যাক্ৰমণৰ মাজেৰে গ’লশূণ্যভাৱে ড্ৰ হয় মেচখন। খেলখনত উজলি উঠে অসমৰ উদীয়মান ফুটবলাৰ প্ৰজ্ঞান সুন্দৰ গগৈ।

বৃহস্পতিবাৰে নিশা গোৱাৰ জি এম চি ষ্টেডিয়ামত কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে নৰ্থ ইষ্ট ইউনাইটেড অৱতীৰ্ণ হয় লীগৰ দ্বিতীয়খন মেচত।নিৰ্ধাৰিত সময়লৈকে গ’লশূণ্যভাৱেই মেচখনৰ অন্ত পৰে। দুয়োটা দলেই গ’ল দিয়াৰ বাবে সুবৰ্ণ সুযোগ পাইছিল যদিও প্ৰতিপক্ষৰ প্ৰতিৰোধত হৈ নুঠিল সেই গল।

ইয়াৰ পূৰ্বে নৰ্থ ইষ্ট ইউনাইটেড লীগৰ প্ৰথমখন মেচত বেংগালুৰুৰ হাতত ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত হৈছিল।প্ৰথমখন মেচতেই পৰাজয়ৰ মুখ দেখা নৰ্থ ইষ্ট ইউনাইটেডে দ্বিতীয়খন মেচতো আপ্ৰাণ চেষ্টা কৰিও ব্যৰ্থ হয়। বৃহস্পতিবাৰে নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ খেলপথাৰত নামে অসমৰ প্ৰজ্ঞান সুন্দৰ গগৈ।প্ৰথমখন আই এছ এল মেচতেই কেইবাটাও গ’লৰ সুযোগ সৃষ্টিত সফল হয় উদীয়মান ফুটবলাৰগৰাকী।


ইপিনে নতুনকৈ দলটোৰ লগত চুক্তিবদ্ধ হোৱা গুৱাহাটীৰ প্ৰজ্ঞান মেধীক দেখা পোৱা গ’ল ছাবষ্টিটিউট হিচাবে। আগন্তুক মেচসমূহত প্ৰজ্ঞান মেধিকো খেলৰ পথাৰত দেখা পাব বুলি আশা কৰিছে ফুটবলপ্ৰেমী ৰাইজে। আনহাতে, পইন্টৰ দিশৰ পৰা ৩ পইন্টেৰে শীৰ্ষত আছে ক্ৰমে মুম্বাই চিটি এফ চি, এ টি কে মোহনবাগান, উৰিষ্যা এফ চি, চেন্নাই এফ চি আৰু বেংগালুৰু এফ চি। লগতে নৰ্থ ইষ্ট ইউনাইটেড ১ পইন্টেৰে তালিকাৰ অষ্টম স্থানত আছে।


অহা ৩০ নৱেম্বৰত পৰৱৰ্তী মেচত অৱতীৰ্ণ হ’ব এফ চি গোৱা বনাম নৰ্থ ইষ্ট ইউনাইটেড। গোৱাৰ ফাটোৰ্ডা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই মেচক লৈ আশাবাদী ফুটবলপ্ৰেমী। নৰ্থ ইষ্ট ইউনাইটেডৰ ফুটবলাৰে দাঙি ধৰক উন্নত প্ৰৰ্দশন।দুভৰিৰ যাদুৰে পৰাস্ত কৰক প্ৰতিপক্ষক। এয়াই প্ৰতিজন উত্তৰ-পূৰ্বৰ ফুটবলপ্ৰেমীয়ে কৰিছে কামনা।

Leave a Reply

Your email address will not be published. Required fields are marked *