Friday, September 30, 2022
HomeNewsউত্তৰ-পূব মিডিয়া ক্ৰিকেটত এন কে টিভি, প্ৰাগৰ জয়

উত্তৰ-পূব মিডিয়া ক্ৰিকেটত এন কে টিভি, প্ৰাগৰ জয়

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটীৰ জজ খেলপথাৰত চলি থকা তৃতীয় ৰাইছমদি নুনিচা সোৱৰণী উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়ন ট্ৰফীৰ বৃহস্পতিবাৰৰ মেচত জয় লাভ কৰিছে এন কে টিভি আৰু প্ৰাগ নিউজে । পুৱা বৰষুণৰ বাবে অভাৰ সীমিত কৰা প্ৰথম মেচত এন কে টিভিয়ে চাৰি ৰাণত পৰাস্ত কৰে নিউজ টাইম অসমক । এন কে টিভিয়ে নিৰ্ধাৰিত ১২ অভাৰত চাৰি উইকেটত সংগ্ৰহ কৰে ১১৫ ৰাণ । দলৰ হৈ ৰুহুল আমিনে ৩৬ আৰু লক্ষ্যজিৎ গোহাঁয়ে অপৰাজিত ২৫ ৰাণ কৰে । প্ৰত্যুত্তৰত নিউজ টাইম অসমে চিত্ৰৰঞ্জন মেধিৰ ৪৪ আৰু ৰাণা চক্ৰৱৰ্তীৰ ২৪ ৰাণ সত্ত্বেও ৮ উইকেটত ১১১ ৰাণহে কৰিবলৈ সক্ষম হয় । বিজয়ী দলৰ প্ৰণৱ জ্যোতি দাসে মাত্ৰ ১ অভাৰ বলিং কৰিয়েই ক্ৰমাগত তিনিটা উইকেট দখল কৰাৰ দ্বাৰা টুৰ্ণামেণ্টৰ প্ৰথমটো হেটত্ৰিক অৰ্জন কৰে । লক্ষ্যজিৎ গোহাঁয়ে লাভ কৰছ দুটা উইকেট । মাত্ৰ দুই ৰাণ ব্যয় কৰি হেটত্ৰিক অৰ্জন কৰা প্ৰণৱজ্যোতি দাসক মেন অৱ দ্য মেচৰ ট্ৰফী প্ৰদান কৰে সাহিত্য একাডেমী বঁটা বিজয়ী শিক্ষাবিদ জয়ন্ত মাধৱ বৰাই । দ্বিতীয় মেচত প্ৰাগ নিউজে দি এ নিউজ প্লাছৰ বিৰুদ্ধে ৯ উইকেটত বিজয়ী হয় । নিউজ প্লাচে নিদ্ধাৰিত অভাৰত ৪ উইকেটত সংগ্ৰহ কৰে ৮৭ ৰাণ । দলৰ ছনু কুমাৰে ২৮ আৰু নৌচাদ আলীয়ে মাত্ৰ ৯ টা বলত ২৪ ৰাণ কৰে । প্ৰতিপক্ষৰ অমিত দাসে দুটা উইকেট পায় । প্ৰত্যুত্তৰত মৃগাংক শৰ্মাৰ অপৰাজিত ৫৪ ৰাণৰ সহায়ত প্ৰাগ নিউজে ৮.২ অভাৰত এটা উইকেট হেৰুৱাই নিদ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে । অৰ্ধশতকীয় ইনিংছটোৰ বাবে মৃগাংক শৰ্মাক মেন অৱ দ্য মেচৰ ট্ৰফী প্ৰদান কৰা হয় । শুক্ৰবাৰে পুৱা ডিডিকে দলে এন ডি ২৪ৰ বিৰুদ্ধে আৰু বিয়লি এন কে টিভিয়ে কাৰ্বিআংলং প্ৰেছ ক্লাবৰ বিৰুদ্ধে খেলিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments