অলিম্পিয়া প্ৰতিবেদন
তৃতীয় ৰাইছমদি নুনিচা সোৱৰণি উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নশ্বিপ ট্ৰফীৰ শুকুৰবাৰৰ মেচত এন ডি ২৪ দলে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ ( ডি ডি কে ) দলক ১০ উইকেটত পৰাস্ত কৰি অগ্ৰগতি লাভ কৰিছে । প্ৰথমে বেট ধৰি ডিডিকে দলে ১৫.৫ অভাৰত ৫৭ ৰাণতে ইনিঙছ সামৰে । দলৰ অনুজ বাছফৰে ২১ আৰু গৌতম শৰ্মাই ১৩ ৰাণৰ বৰঙণি আগবঢ়ায় । প্ৰতিপক্ষৰ বিকাশ ছেত্ৰীয়ে মাত্ৰ ৪ ৰাণ ব্যয় কৰি ৬ টা উইকেট দখল কৰে । প্ৰত্যূত্তৰত ৰঞ্জিত চাঙমাইৰ বিস্ফোৰক ৫৮ ৰাণৰ দ্বাৰা এন ডি ২৪ দলে মাত্ৰ ২.৪ অভাৰত ১০ উইকেটত সহজে বিজয় সাব্যস্ত কৰে । বিকাশ ছেত্ৰীক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰে পৰিবহন বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাসে । ইফালে দ্বিতীয় মেচত কাৰ্বি আংলং প্ৰেছ ক্লাবে এন কে টিভিক ৭ উইকেটত পৰাস্ত কৰে । এন কে টিভিয়ে লক্ষ্যজিৎ গোহাঁইৰ ৩৩ আৰু জিতুমণি মেধিৰ ৩২ ৰাণৰ সহায়ত ২০ অভাৰত ৯ উইকেটত কৰে ১৪১ ৰাণ । প্ৰতিপক্ষৰ ৰাজু ঘোষ আৰু মৃদুল ৰংপীয়ে ৩ টাকৈ উইকেট দখল কৰে । প্ৰত্যুত্তৰত কাৰ্বি আংলং প্ৰেছ ক্লাবে ১৭.৩ অভাৰত মাত্ৰ ৩ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে । কাৰ্বি দলৰ মৃদুল ৰংপীয়ে অপৰাজিত ৭৬ আৰু বিবিছন ৰংপীয়ে ৩৯ ৰাণৰ অৱদান আগবঢ়ায় । মেন অৱ দ্য মেচ মৃদুল ৰংপীক ট্ৰফী প্ৰদান কৰে সমাজ কৰ্মী ৰমেন বৰঠাকুৰে । শনিবাৰে প্ৰথম মেচত প্ৰতিদিন টাইমছে অসমীয়া প্ৰতিদিন আৰু দ্বিতীয় মেচত নিউজ টাইমছে কাৰ্বি আংলং প্ৰেছ ক্লাবৰ বিৰুদ্ধে খেলিব ।