Tuesday, October 4, 2022
HomeNewsতৃতীয় ৰাইছমদি নুনিচা সোঁৱৰণি উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফী :অসমীয়া প্ৰতিদিনৰ অগ্ৰগতি,...

তৃতীয় ৰাইছমদি নুনিচা সোঁৱৰণি উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফী :অসমীয়া প্ৰতিদিনৰ অগ্ৰগতি, নিউজ টাইম অসম ছেমি

অলিম্পিয়া প্ৰতিবেদন

অসমীয়া প্ৰতিদিনে তৃতীয় ৰাইছমদি নুনিচা সোৱৰণি উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফীৰ শনিবাৰে জয়েৰে অভিযান আৰম্ভ কৰিছে । জজ খেলপথাৰত দলটোৱে প্ৰতিদিন টাইমক ৩ উইকেটত পৰাস্ত কৰে । প্ৰতিদিন টাইমে প্ৰথমে বেট ধৰি সৌৰভ নাথৰ ৩৭ আৰু দ্বীপ বড়োৰ ৩৪ ৰাণৰ সহায়ত ১৯.৫ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১১৬ ৰাণ । বলিঙত প্ৰতিপক্ষৰ টৌহিদ আলী তালুকদাৰে ৪ টা, নিপন ডেকাই ৩ টা আৰু পুষ্পৰাজ শৰ্মাই ২ টা উইকেট দখল কৰে । প্ৰতুত্তৰত অসমীয়া প্ৰতিদিন দলে ১৪.৩ অভাৰত ৭ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় । দলৰ হৈ নিপন ডেকাই ৩০,পাৰ্থিৱ হাজৰিকাই ২০ আৰু বিশ্বজিৎ ডেকাই ১৯ ৰাণ কৰে । প্ৰতিদিন টাইমৰ গোবিন্দ সিনহাই লাভ কৰে ৩ টা উইকেট । মেন অৱ দ্য মেচ টৌহিদ আলী তালুকদাৰক ট্ৰফী প্ৰদান কৰে প্ৰতিদিন টাইমৰ অধিনায়ক নিতুমণি শইকীয়া, গণ অধিকাৰৰ পৰিচালন সঞ্চালক চাহজাহান তালুকদাৰ আৰু দাতা বিষ্ণুৰাম নুনিচাই । দ্বিতীয় মেচত নিউজ টাইম অসমে ৯ উইকেটত পৰাস্ত কৰে কাৰ্বিআংলং প্ৰেছ ক্লাবক । কাৰ্বি আংলং দলে ১৩ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৬১ ৰাণ । প্ৰত্যুত্তৰত নিউজ টাইম অসমে মাত্ৰ ৭.৫ অভাৰত ১ টা উইকেট হেৰুৱাই বিজয়ী হৈ ছেমি ফাইনেলত উপনীত হয় । বিজয়ী দলৰ ৰাজীৱ শৰ্মাই ২৯ আৰু চিত্তৰঞ্জন মেধিয়ে ১৬ ৰাণ কৰে । এটা মেইডেনসহ ২টা উইকেট দখল কৰা তপন শৰ্মাক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰে বিষ্ণুৰাম নুনিচাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments