Tuesday, October 4, 2022
HomeNewsউত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফীৰ প্ৰীতি মেচত প্ৰাক্তন ক্ৰিকেটাৰৰ জয়:এন ডি ২৪...

উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফীৰ প্ৰীতি মেচত প্ৰাক্তন ক্ৰিকেটাৰৰ জয়:এন ডি ২৪ ছেমিত

অলিম্পিয়া প্ৰতিবেদন

প্ৰাক্তন ক্ৰিকেটাৰৰ দলে এক প্ৰীতি মেচত মিডিয়া ছুপাৰ কিংছৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ কৰিছে । তৃতীয় ৰাইছমোদি নুনিচা সোৱৰণি উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফীৰ সময়তে দেওবাৰে পুৱা অনুষ্ঠিত আকৰ্ষণীয় প্ৰীতি মেচখনত মিডিয়া ছুপাৰ কিংছ দলে ২০ অভাৰত ৯ উইকেটত কৰে ৯৭ ৰাণ । দলৰ কিশোৰ তালুকদাৰে ৩০ আৰু বিশ্বজিৎ ডেকাই ১৩ ৰাণ কৰাৰ বাদে বাকীসকল ব্যৰ্থ হয় । বলিঙত পৰাগ দাসে ২ টা, ভাস্কৰ বৰ্মন, মুকুট কলিতা, সীমান্ত নেওগী আৰ কে যাদৱ আৰু নন্দুলাল মাহাতুৱে এটাকৈ উইকেট দখল কৰে । ষ্ট্ৰাইক বলাৰ জাভেদ জামান আৰু নাচিৰ গুল খানে কোনো উইকেট নাপালে । প্ৰত্যূত্তৰত প্ৰাক্তন ক্ৰিকেটাৰৰ হৈ জাকাৰিয়া জুফ্ৰীৰ বিস্ফোৰক ৩৮ ( ১৯ বলত ৩ টা ছয়, ৩ টা চাৰি ) আৰু পৰাগ দাসৰ ১৫ ৰাণৰ সহায়ত দলটোৱে মাত্ৰ ১১.৩ অভাৰত জয়ৰ লক্ষ্যত উপনীত হয় । অপৰাজিত হৈ ৰোৱা চিতু দাসে ১৩ আৰু জাভেদ জামানে ৭ ৰাণৰ বৰঙণি যোগায় । উল্লেখযোগ্য যে প্ৰাক্তন ৰঞ্জি অধিনায়ক ৰাজেশ বৰা, মুকুট কলিতাই শূন্য আৰু সঞ্জীৱ নাৰায়ণ ১ ৰাণত আঊট হয় । মিডিয়াৰ হৈ যতীন তালুকদাৰে ২ টা, ৰাজদ্বীপ দাস আৰু অমিত দাসে ১ টাকৈ উইকেট লাভ কৰে । মেন অৱ দ্য মেচ জাকাৰিয়া জুফ্ৰীক আৰু বিজয়ী সুত্ৰে প্ৰাক্তন ক্ৰিকেটাৰ দলক এপ্ৰিছিয়েচন ট্ৰফী প্ৰদান কৰে ক্ৰমে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱৰ আৰু অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শ‌ইকীয়াই ।
ইফালে দ্বিতীয় মেচত এন ডি ২৪ দলে শ্বিলং প্ৰেছ ক্লাবক ৩১ ৰাণত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰবেশ কৰিছে । এন ডি ২৪ দলে ২০ অভাৰত ৮ উইকেটত কৰে ১৪৯ ৰাণ । দলৰ ৰাজ হুছেইনে ৩৪, অমিত বড়োৱে ৩৩, অমিত গিৰিয়ে ২৯ আৰু বিকাশ ছেত্ৰীয়ে ২১ ৰাণ কৰে । শ্বিলং প্ৰেছ ক্লাবৰ আফজালছন মাৰ‌উইনে ৩ টা উইকেট দখল কৰে । প্ৰত্যূত্তৰত শ্বিলঙৰ দলটোৱে যশকিৰাট সিঙৰ ৪২ ৰাণ সত্ত্বেও ১৯.৫ অভাৰত ১১৮ ৰাণতে থমকি ৰয় । বিজয়ী দলৰ বিকাশ চেত্ৰীয়ে ৪ টা আৰু ৰঞ্জিত চাংমাইয়ে ৩ টা উইকেট লাভ কৰে । মেন অৱ দ্য মেচৰ ট্ৰফী লাভ কৰে বিকাশ চেত্ৰীয়ে । তেওঁক ট্ৰফী প্ৰদান কৰে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বিষয়া গৌতম শৰ্মাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments