Monday, October 3, 2022
HomeNewsতৃতীয় ৰাইছমোদি নুনিচা সোৱৰণি উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফী,অসমীয়া প্ৰতিদিন ছেমি ফাইনেলত

তৃতীয় ৰাইছমোদি নুনিচা সোৱৰণি উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফী,অসমীয়া প্ৰতিদিন ছেমি ফাইনেলত

অলিম্পিয়া প্ৰতিবেদন

অসমীয়া প্ৰতিদিনে তৃতীয় ৰাইছমোদি নুনিচা সোৱৰণি উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত প্ৰবেশ কৰিছে । সোমবাৰৰ বিয়লি অনুষ্ঠিত লীগ মেচত দলটোৱে শিলচৰ প্ৰেছ ক্লাবৰ বিৰুদ্ধে ২০৩ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে । প্ৰথমে বেট ধৰি অসমীয়া প্ৰতিদিনে নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেটত সংগ্ৰহ কৰে অভিলেখ সংখ্যক ২৩৯ ৰাণ । দলৰ হৈ ৰোমাৰিঅ’ শৰ্মাই ৯০ আৰু পাৰ্থিৱ হাজৰিকাই অপৰাজিত ৭২ ৰাণ কৰে । ৰোমাৰিঅ’ই ৪৪ টা বলত ৬ টা ছয় আৰু ১০ টা চাৰিৰে তেওঁৰ ইনিংছটো সজায় । প্ৰত্যূত্তৰত শিলচৰ প্ৰেছ ক্লাবে ৯.১ অভাৰত মাত্ৰ ৩৬ ৰাণতে ইনিংছ সামৰে । বলিঙত বিজয়ী দলৰ পুষ্পৰাজ শৰ্মাই ৪ টা আৰু অৱিনাশ ঠাকুৰীয়াই ৩ টা উইকেট দখল কৰে । মেন অৱ দ্য মেচ ৰোমাৰিঅ শৰ্মাক ট্ৰফী প্ৰদান কৰে জনসংযোগ বিভাগৰ বিষয়া হেমচন্দ্ৰ পাঠকে । ইয়াৰ পূৰ্বে প্ৰথম মেচত মাই নিউজ এন ইয়ে ১ উইকেটত পৰাস্ত কৰে ডি এ নিউজ প্লাছক । ডি এ নিউজ প্লাছে ১৮ অভাৰত ৮ উইকেটত সংগ্ৰহ কৰে ১৫২ ৰাণ । দলৰ ছনু কুমাৰে ৩৪, নৌচাদ আলীয়ে ২৭ আৰু দেৱাশিস কাশ্যপে ২৬ ৰাণ কৰে । প্ৰতিপক্ষৰ আদিত্য গুপ্তাই লাভ কৰে ৩ টা উইকেট । প্ৰত্যুত্তৰত দানিচ হুছেইনৰ ৫৩ আৰু বিশাল ৰয়ৰ ৩৮ ৰাণৰ সহায়ত মাই নিউজ এন ইয়ে ১৭.৩ অভাৰত ৯ টা উইকেট হেৰুৱাই বিজয়ী হয় । নিউজ প্লাছৰ অতুল সিঙে চাৰিটা উইকেট লাভ কৰে । মেন অৱ দ্য মেচ দানিচ হুছেইনক ট্ৰফী প্ৰদান কৰে দাতা বিষ্ণুৰাম নুনিচাই । মংগলবাৰে পুৱা ৯ বজাত প্ৰতিদিন টাইমে শিলচৰ প্ৰেছ ক্লাবৰ বিৰুদ্ধে খেলিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 + 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments