Friday, September 30, 2022
HomeNewsতৃতীয় ৰাইছমোদি নুনিচা সোৱৰণি উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফী ,জয়েৰে অভিযান...

তৃতীয় ৰাইছমোদি নুনিচা সোৱৰণি উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফী ,জয়েৰে অভিযান সামৰিলে প্ৰতিদিন টাইমে

অলিম্পিয়া প্ৰতিবেদন

প্ৰতিদিন টাইমে তৃতীয় ৰাইছমোদি নুনিচা সোৱৰণি উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফীৰ জয়েৰে অভিযান সামৰিলে কৰিছে । আজি জজ ফিল্ডত নিতুমণি শ‌ইকীয়া নেতৃত্বাধীন প্ৰতিদিন টাইমে ৪৮ ৰাণত পৰাস্ত কৰে শিলঢৰ প্ৰেছ ক্লাবক । প্ৰতিদিন টাইমে নিৰ্ধাৰিত ১৫ অভাৰত ৪ উইকেটত ১৫৩ ৰাণ কৰে । দলৰ দীপ বড়োৱে ৫৮, চন্দ্ৰপল ঠাকুৰীয়াই অপৰাজিত ২৬ আৰু সৌৰভ নাথে ২৪ ৰাণ কৰে । প্ৰতিপক্ষৰ সঞ্জীৱ সিনহাই ২ টা আৰু পিণ্টু শুক্লবৈদ্য‌ই ১ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত শিলচৰ প্ৰেছ ক্লাবে অনুপম ৰয়ৰ ২৫ আৰু সঞ্জীৱ সিনহাৰ ১৮ ৰাণ সত্ত্বেও ৮ উইকেটত ১০৫ ৰাণহে কৰে । বিজয়ী দলৰ বঞ্জিত বৰা, মিনুষ সৰকাৰ আৰু তন্ময় দেই ২ টাকৈ উইকেট লাভ কৰে । দীপ বড়োক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰে জনসংযোগ বিষয়া জামান আৰু অসমীয়া খবৰৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাসে । দ্বিতীয়খন প্ৰীতি মেচত প্ৰাইভেট আই টি এণ্ড টেলিকম এছোচিয়েচন চমুকৈ পিটা দলে মিডিয়া ছুপাৰ কিঙছক ৪০ ৰাণত পৰাজিত কৰে । পিটাই ১৮ অভাৰত ১উইকেটত ১৬২ ৰাণ কৰাৰ বিপৰীতে মিডিয়া দলে ৭ উইকেটত ১২২ ৰাণহে কৰে । মিডিয়াৰ যতীন তালুকদাৰে ৩০ আৰু ৰাজদ্বীপ দাসে ২৭ ৰাণৰ বৰঙণি যোগায় । বিজয়ী দলৰ হৈ অপৰাজিত ৬০ ৰাণ কৰা ছাদেক ইমৰাণ চৌধুৰীক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰে দাতা বিষ্ণু নুনিচাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments