Wednesday, October 5, 2022
HomeNewsতৃতীয় ৰাইছমোদি নুনিচা সোঁৱৰণি উত্তৰ-পূব ক্ৰিকেট,এন ডি ২৪, অসমীয়া প্ৰতিদিন ফাইনেলত

তৃতীয় ৰাইছমোদি নুনিচা সোঁৱৰণি উত্তৰ-পূব ক্ৰিকেট,এন ডি ২৪, অসমীয়া প্ৰতিদিন ফাইনেলত

অলিম্পিয়া প্ৰতিবেদন

এন ডি ২৪ আৰু অসমীয়া প্ৰতিদিনে তৃতীয় ৰাইছমোদি নুনিচা সোৱৰণি উত্তৰ-পূব ক্ৰিকেট চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰবেশ কৰিছে । জজ ফিল্ডত বুধবাৰে অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত এন ডি-২৪ ৰে ২৯ ৰাণত পৰাস্ত কৰে প্ৰাগ নিউজক । এন ডি ২৪ দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটত সংগ্ৰহ কৰে ১৪৩ ৰাণ । দলৰ হৈ ৰাজ হুছেইনে সৰ্বাধিক ৬০ ৰাণ, ৰঞ্জিত চাংমাইয়ে ৪৯ আৰু অমিত বড়োৱে অপৰাজিত ১৬ ৰাণ কৰে । প্ৰতিপক্ষৰ অমিত দাসে ২ টা আৰু ৰাজেন্দ্ৰ মহাতোৱে ১ টা উইকেট লাভ কৰে । প্ৰত্যুত্তৰত প্ৰাগ নিউজে নিৰ্ধাৰিত অভাৰত ৯ উইকেটত সংগ্ৰহ কৰে ১১৪ ৰাণ । দলৰ সঞ্জিত বাছফৰে অপৰাজিত ৩৪, মৃগাংক শৰ্মাই ২২ আৰু সঞ্জীৱ নাৰায়ণে ১৮ ৰাণ কৰে । বিজয়ী দলৰ ৰাজ ভৌমিকে ৪ টা, আবুদ্দিন খানে ৩ টা আৰু বিকাশ চেত্ৰীয়ে ২ টা উইকেট দখল কৰে । মেন অৱ দ্য মেচ ট্ৰফী লাভ কৰে ৰাজ হুছেইনে । তেওঁক ট্ৰফী প্ৰদান কৰে কাৰ্বি আংলং প্ৰেছ ক্লাবৰ সম্পাদক ডেনিয়েলচন বেই । ইফালে দ্বিতীয়খন ছেমিফাইনেলত অসমীয়া প্ৰতিদিনে কাৰ্বিআংলং প্ৰেছ ক্লাবক ১৫৪ ৰাণত পৰাস্ত কৰে । অসমীয়া প্ৰতিদিনে ২০ অভাৰত ৪ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২২০ ৰাণ‌ । দলৰ জগজিৎ সিঙে অপৰাজিত ৮২, ৰোমাৰিঅ’ শৰ্মাই মাত্ৰ ২৯ টা বলত ৬ টা ছয় আৰু ছটা ৪ ৰ সহায়ত সংগ্ৰহ কৰে ৭৩ ৰাণ । বিশ্বজিৎ ডেকাই ১৮ আৰু প্ৰাৰ্থীৱ হাজৰিকাই ১৬ ৰাণ কৰে । প্ৰতিপক্ষৰ মৃদুল ৰংপীয়ে ২ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত কাৰ্বিআংলং প্ৰেছ ক্লাবে ১৬.২ অভাৰত মাত্ৰ ৬৬ ৰাণতে ইনিংছ সামৰে । দলৰ নিৰ্মল থাপাই ১৮ আৰু আটুৰ টিমুঙে ১৩ ৰাণ কৰে । বলিঙত বিজয়ী দলৰ মনজিৎ শৰ্মাই ৩ টা, টৌহিদ আলী তালুকদাৰ আৰু ৰোমাৰিঅ’ শৰ্মাই ২ টাকৈ উইকেট দখল কৰে । বিস্ফোৰক ইনিংছটোৰ বাবে ৰোমাৰিঅ’ শৰ্মাক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰে আয়োজক কমিটিৰ উপ সভাপতি ৰাজদ্বীপ দাসে । বৃহস্পতিবাৰৰ পুৱা অসম চৰকাৰৰ জনসংযোগ বিভাগ আৰু বিয়লি ‘পিটা’ৰ বিৰুদ্ধে প্ৰীতি মেচ খেলিব মিডিয়া ছুপাৰ কিংছে । অহা ৪ ফেব্ৰুৱাৰী, শুকুৰবাৰৰ ফাইনেলত অসমীয়া প্ৰতিদিন আৰু এন ডি ২৪ পৰস্পৰৰ মুখামুখি হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments