Tuesday, October 4, 2022
HomeNewsবেংগালুৰুৰ বিৰুদ্ধে জয়ী হৈও ব্যৰ্থ ! ছেমিফাইলৰ সকলো দুৱাৰ বন্ধ নৰ্থ ইষ্টৰ

বেংগালুৰুৰ বিৰুদ্ধে জয়ী হৈও ব্যৰ্থ ! ছেমিফাইলৰ সকলো দুৱাৰ বন্ধ নৰ্থ ইষ্টৰ

অলিম্পিয়া প্ৰতিবেদন

সুদীৰ্ঘ ২ মাহৰ পাছত অৱশেষত জয়ৰ মুখ দেখিলে নৰ্থ ইষ্ট ইউনাইটেডে । আই এছ এলত বেংগালুৰুৰ বিৰুদ্ধে জয় টীম নৰ্থ ইষ্টৰ । পিছে এই জয় যেন হল ব্যৰ্থ ।

গোৱাত সগৌৰৱেৰে অব্যাহত আছে এই ছিজনৰ ভাৰতীয় ফুটবলৰ সৰ্ববৃহৎ মহাৰণ আই এছ এল । শুক্ৰবাৰে ফৰ্টোডা ষ্টেডিয়ামত নৰ্থ ইষ্টে নিজা অষ্টাদশ মেচত সন্মান ৰক্ষাৰ যুঁজত নামিল বেংগালুৰু এফ চিৰ বিৰুদ্ধে । তীব্ৰ উত্তেজনা পূৰ্ণ খেলখনত ২-১ গ’লৰ ব্যৱধানত জয়ী হল উত্তৰ পূৰ্বাঞ্চলৰ দলটো । খেলৰ প্ৰথমাৰ্ধত কোনো এটা দলে গ’ল দিবলৈ সমৰ্থ নহ’ল । কিন্তু মেচৰ ৬৬ মিনিটত ব্ৰাজিলৰ ফুটবলাৰ ক্লেইটন ছিল্ভাই ১ টা গ’ল দি বেংগালুৰু এফ চিক অগ্ৰগতি প্ৰদান কৰে
। পিছে আই এছ এলৰ অন্যতম শক্তিশালী দল বেংগালুৰু এফ চিৰ এই অগ্ৰগতি বেছি পৰ নাথাকিল । ইয়াৰ মাত্ৰ ৮ মিনিটৰ পাছতে দৃশ্যপট সলনি হ’ল । নৰ্থ-ইষ্টৰ হৈ জামাইকান ফুটবলাৰ ডেছহৰ্ণ ব্ৰাউনে ৭৪ মিনিটত ১টা গ’ল দি মেচখনলৈ সমতা স্থাপন কৰে । কিন্তু নৰ্থ-ইষ্টৰ হৈ বিজয়সূচক গ’লটো স্কৰ কৰে মিজোৰামৰ ফুটবলাৰ লালডানমান‌উইয়া ৰাল্টেই । সমতা স্থাপনৰ ৬ মিনিট পাছত অৰ্থাৎ ৮০ মিনিটত ৰাল্টেই দিয়া গ’লৰ সহায়ত উত্তৰ-পূবৰ দলটোৱে বাঞ্চিত সাফল্য লাভ কৰে । ৰেফাৰীৰ হুছেইল বাজি উঠাৰ আগলৈকে বিপক্ষই গ’ল পৰিশোধ কৰিব নোৱাৰাত নৰ্থ ইষ্টে ২-১ গ’লৰ ব্যৱধানত জয়ী হয় । খেলৰ অন্তত নৰ্থ ইষ্টৰ মুখ্য প্ৰশিক্ষক খালিদ জামিলে ব্ৰাউনৰ প্ৰশংসাত হৈ পৰে পঞ্চমুখ । তেওঁ কয় যে এই মেচত ব্ৰাউনে দলটোক জয়ী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে । ইফালে, নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ অসমৰ প্ৰজ্ঞান সুন্দৰ গগৈও এই মেচৰ মূল একাদশত আছিল । ৭০ মিনিটলৈকে মৈদানত থাকি প্ৰদৰ্শন আগবঢ়োৱাৰ পাছত প্ৰজ্ঞানৰ পৰিৱৰ্তে খেলপথাৰত প্ৰবেশ কৰে কেৰালাৰ ফুটবলাৰ জাষ্টিন জৰ্জ । নিজা অষ্টাদশ মেচত জয়ী হোৱাত ৩ পইন্ট সংগ্ৰহেৰে মুঠ ১৩ পইন্টেৰে তালিকাৰ দশম স্থানলৈ উৰ্ধগামী হয় নৰ্থ ইষ্ট । এই পৰ্যন্ত দলটোৱে ১১ মেচত পৰাস্ত হোৱাৰ বিপৰীতে জয়লাভ কৰিছে মাত্ৰ তিনিখনত । ড্ৰ খেলিছে ৪ খন মেচ ।

পিছে উত্তৰ পূৰ্বাঞ্চলৰ ফুটবলপ্ৰেমীৰ বাবে আছে এক দুঃসংবাদ । কাৰণ এই ছিজনত আৰু ছেমিফাইনেললৈ নিৰ্বাচিত হ’ব নোৱাৰিব টীম নৰ্থ ইষ্ট । এই পৰ্যন্ত ১৩ পইন্ট সংগ্ৰহ কৰিলেও নৰ্থ ইষ্ট ইউনাইটেডৰ হাতত বাকী আছেগৈ আৰু মাত্ৰ ২ খন লীগ মেচ । পৰৱৰ্তী দুখন মেচত জয়লাভ কৰিলেও ৬ পইন্টৰে দলটোৱে সংগ্ৰহ কৰিব পাৰিব সৰ্বাধিক ১৯ পইন্ট । কিন্তু ১৮ ফ্ৰেব্ৰুৱাৰী পৰ্যন্ত ২৯ পইন্টেৰে তালিকাৰ শীৰ্ষত থকা দুটা দল হায়দৰাবাদ এফ চি আৰু এ টি কে মোহন বাগান ছেমিফাইললৈ যোৱাটো নিশ্চিত হৈছে । গতিকে পৰৰ্ৱতী মেচত জয়ী হ’লেও ২৮ পইন্ট আৰু ২৬ পইন্টত থকা দল ক্ৰমে জামচেদপুৰ অথবা কেৰালা ব্লাষ্টাৰ্ছক অতিক্ৰম কৰিব নোৱাৰিব নৰ্থ ইষ্ট ইউনাইটেডে । পইন্ট তালিকাৰ পৰা এই কথা জলজল পটপট হৈ পৰিল ।
মুঠতে, এই ছিজনত আই এছ এলত চেম্পিয়ন হোৱাৰ আশাত চেঁচাপানী পৰিল নৰ্থ ইষ্টৰ ।
কেৱল নিয়ম মাফিক ২৫ ফ্ৰেব্ৰুৱাৰীত জামচেদপুৰ আৰু ২৮ ফ্ৰেব্ৰুৱাৰীত ইষ্ট বেংগলৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি ।

আই এছ এল পৰা অহা এই খবৰে আশাহত কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ ফুটবলপ্ৰেমীক । সকলোৱে এতিয়া একেমুখে কৈছে- -উপযুক্ত খেলুৱৈ বাছনি আৰু ৰণকৌশলেৰে পৰৱৰ্তী ছিজনৰ বাবে সাজু হওক নৰ্থ ইষ্ট ইউনাইটেড ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments