Monday, October 3, 2022
HomeNewsহায়দৰাবাদ এফচিৰ হাতত নৰ্থ ইষ্ট ইউনাইটেডৰ লজ্জাজনক আত্মসমৰ্পণ!

হায়দৰাবাদ এফচিৰ হাতত নৰ্থ ইষ্ট ইউনাইটেডৰ লজ্জাজনক আত্মসমৰ্পণ!

অলিম্পিয়া প্ৰতিবেদন

আই এছ এলত নৰ্থ ইষ্ট ইউনাইটেডৰ লজ্জাজনক আত্মসমৰ্পণ । হাইদৰাবাদ এফ চিৰ হাতত বিধ্বস্ত টীম নৰ্থ ইষ্ট । নিৰাশাত উত্তৰ পূৰ্বাঞ্চলৰ ফুটবলপ্ৰেমী ।

গোৱাত অব্যাহত আছে এই ছিজনৰ ভাৰতীয় ফুটবলৰ সৰ্ববৃহৎ মহাৰণ আই এছ এল। সোমবাৰে নৰ্থ ইষ্ট ইউনাইটেডৰ নিজা পঞ্চদশ মেচত অৱৰ্তীণ হ’ল অন্যতম শক্তিশালী দল হাইদৰাবাদ এফ চি বিৰুদ্ধে । পিছে হাইদৰাবাদ এফ চিৰ হাতত তিস্তিব নোৱাৰিলে জন আব্ৰাহম মালিকাধীন দলটোৱে । মেচৰ প্ৰথমাৰ্ধৰ পৰাই বিপক্ষৰ দ্বাৰা গ’লপোষ্টত তীব্ৰ আক্ৰমণৰ সন্মুখীন হ’ল নৰ্থ ইষ্ট । প্ৰথমাৰ্ধতে হাইদৰাবাদ এফ চিৰ হৈ অগবেছে ১ টা আৰু ৪৫ মিনিটৰ অতিৰিক্ত সময়ত এ মিশ্ৰ‌ই ১ টাকৈ গল দি দলটোক অগ্ৰগতি প্ৰদান কৰে । পৰিতাপৰ কথাটো হ’ল যে প্ৰথমাৰ্ধত বা দ্বিতীয়াৰ্ধত গ’লৰ প্ৰত্যুত্তৰ দিবলৈ সক্ষম নহ’ল নৰ্থ ইষ্ট ইউনাইটেড । মেচৰ ৬৫ মিনিটত খেলপথাৰত নমা নৰ্থ ইষ্ট দলৰ অতিৰিক্ত খেলুৱৈ প্ৰজ্ঞান গগৈয়ে দিয়া গ’ল দুৰ্ভাগ্যজনক ভাৱে অফছাইড হৈ নাকচ হয় । ইয়াৰ পৰিবৰ্তে দ্বিতীয়াৰ্ধতো হাইদৰাবাদ এফ চিয়ে ৩ টাকৈ গ’ল দি মুঠ ৫ টা গ’লেৰে পৰাজিত কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ দলটোক । মেচৰ দ্বিতীয়াৰ্ধত হাইদৰাবাদ এফ চিৰ হৈ ৬০ মিনিটত অগবেছে, ৮৪ মিনিটত এন পুজাৰী,৮৮ মিনিটত গ্ৰেচিয়াই ১ টাকৈ গল দি নৰ্থ ইষ্টক ধৰাশায়ী কৰে । ফলত ০-৫ গ’লৰ ব্যৱধানত পৰাভূত হল নৰ্থ ইষ্ট ইউনাইটেড ।


এই মেচখনত পৰাজিত হৈ এটাও পইন্ট সংগ্ৰহ নকৰাৰ বাবে একে দশম স্হানতে থাকিল নৰ্থ ইষ্ট । ২৬ পইন্টেৰে তালিকাৰ শীৰ্ষত থাকিল হাইদৰাবাদ এফ চি ।
উল্লেখযোগ্য যে এতিয়ালৈকে নৰ্থ ইষ্ট ইউনাইটেডে এই ছিজনত ১৫ খন মেচত খেলিলে ।ইয়াৰে মাত্র ২ খনত জয়ী হোৱাৰ বিপৰীতে ৯ খনতেই পৰাজয় বৰণ কৰিছে । আনহাতে এই পৰ্য্যন্ত ৪ খনত খেলিছে ড্ৰ । অহা ৪ ফেব্ৰুৱাৰীত নৰ্থ ইষ্ট দলটোৱে পুনৰ যুঁজিব কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে । হাইদৰাবাদ এফ চিৰ বিৰুদ্ধে খেলা মেচত দলটোৱে এটাও গ’ল দিব নোৱাৰাৰ বিষয়টোৱে আশাহত কৰিছে উত্তৰ-পূবৰ ফুটবল অনুৰাগীক। উদ্বেগ ঘটাইছে বহু প্ৰশ্নৰ । বিগত বৰ্ষৰ ছেমিফাইনেলিষ্ট নৰ্থ ইষ্ট ইউনাইটেডৰ এনে ধাৰাবাহিক পৰাজয়ৰ কাৰণ কি ? ক্ৰমে শক্তি লোপ পাইছে নেকি দলটোৰ ? নে উপযুক্ত ৰণকৌশলৰ অভাৱ ! তথাপি আশা এৰি দিয়া নাই উত্তৰ পূৰ্বাঞ্চলৰ ফুটবলপ্ৰেমীয়ে । তেওঁলোকৰ আশা–অতি সোনকালেই স্বাভাৱিক অৱস্থালৈ প্ৰত্যাবৰ্তন কৰিব দলটোৱে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments