Tuesday, October 4, 2022
HomeNewsসন্মান ৰক্ষাৰ যুঁজত নামি পুনৰ ব্যৰ্থ !কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে পৰাভূত নৰ্থ ইষ্ট...

সন্মান ৰক্ষাৰ যুঁজত নামি পুনৰ ব্যৰ্থ !কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে পৰাভূত নৰ্থ ইষ্ট ইউনাইটেড

অলিম্পিয়া প্ৰতিবেদন

সন্মান ৰক্ষাৰ যুঁজত নামি পুনৰ ব্যৰ্থ ।
আই এছ এলত পুনৰ ছন্দপতন নৰ্থ ইষ্ট ইউনাইটেডৰ । কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে বিধ্বস্ত টীম নৰ্থ ইষ্ট । তালিকাৰ সৰ্বনিম্ন স্থানলৈ অৱনমিত নৰ্থ ইষ্ট । মূল একাদশত অসমৰ প্ৰজ্ঞান গগৈ ।

গোৱাত অব্যাহত এই ছিজনৰ ফুটবলৰ মহাৰণ আই এছ এল । শুক্ৰবাৰে, নৰ্থ ইষ্ট ইউনাইটেডৰ নিজা ষষ্ঠদশ খন মেচত অৱৰ্তীণ হল কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে । মেচখনত ২-১ গ’লৰ ব্যৱধানত জয়ী হৈছে টীম কেৰালা ব্লাষ্টাৰ্ছ ।
আক্ৰমণ -প্ৰত্যাক্ৰমণৰ মাজেদি তীব্ৰ উত্তেজনা পূৰ্ণ হৈ পৰিল ফুটবলৰ মৈদান । অপ্ৰাণ চেষ্টা কৰিও প্ৰথমাৰ্ধত কোনো এটা দলে গ’ল পোষ্টত আঘাত কৰিবলৈ সক্ষম নহল । গলশূন্যতেই সমাপ্ত হল প্ৰথমাৰ্ধৰ খেল । কিন্ত দ্বিতীয়াৰ্ধত কেৰালা ব্লাষ্টাৰ্ছে দেখুৱালে নিজৰ পৰাক্ৰম । নিৰ্ধাৰিত সময়লৈকে ২ টাকৈ গ’লেৰে ধৰাশায়ী কৰিলে বলিউড তাৰকা জন আব্ৰাহাম মালিকাধীন দলটোক । কেৰালা ব্লাষ্টাৰ্ছৰ হৈ ৬২ মিনিটত পেয়েৰা ডিয়েজে ১ টা আৰু ৮২ মিনিটত ভেজকুয়েজে আন এটা গ’ল স্কোৰ কৰি দলটোক ২-০ ৰ অগ্ৰগতি প্ৰদান কৰে । পৰিতাপৰ কথাটো হ’ল যে নিৰ্ধাৰিত সময়ত উত্তৰ পূৰ্বাঞ্চলৰ দলটোৱে অশেষ চেষ্টা কৰিও গ’ল দিয়াত ব্যৰ্থ হয়। অতিৰিক্ত সময়ত নৰ্থ ইষ্টৰ হৈ ইৰছাদে এটা গ’ল দি দলটোৰ কিছু সন্মান ৰক্ষা কৰে । ফলত ৰেফাৰী হুইচেইল বাজি উঠাৰ লগে লগে ১-২ গ’লৰ ব্যৱধানত কেৰালা ব্লাষ্টাৰ্ছৰ হাতত পৰাভূত হল নৰ্থ ইষ্ট ইউনাইটেড ।শুক্ৰবাৰৰ মেচত
নৰ্থ ইষ্ট ইউনাইটেডৰ মূল একাদশত দেখিবলৈ পোৱা গৈছিল ৪৩ নম্বৰ জাৰ্ছিৰ অসম সন্তান প্ৰজ্ঞান সুন্দৰ গগৈক । খেলৰ দ্বিতীয়াৰ্ধৰ ৬৪ মিনিটত প্ৰজ্ঞানৰ সলনি ইমৰান খান প্ৰবেশ কৰে ।
উল্লেখযোগ্য যে, এই পৰাজয়ৰ পাছত তালিকাৰ একেবাৰে সৰ্বনিম্ন একাদশ স্থানলৈ অৱনমিত হ’ল নৰ্থ ইষ্ট ইউনাইটেড । এই পৰ্যন্ত ২৬ পইন্টৰে শীৰ্ষস্থানত আছে হায়দৰাবাদ এফ চি । এতিয়ালৈকে নৰ্থ ইষ্টে খেলিছে ১৬ খন মেচ ।ইয়াৰে মাত্র ২ খনত জয় হোৱাৰ বিপৰীতে ১০ খনতেই পৰাস্ত হৈছে দলটো । তদুপৰি ৪ খনত নৰ্থ ইষ্ট ইউনাইটেডে ড্ৰ খেলিছে ।
অহা ১২ ফ্ৰেব্ৰুৱাৰীত উত্তৰ পূৰ্বাঞ্চলৰ দলটোৱে তালিকাৰ পঞ্চম স্থানত থকা এ টি কে মোহন বাগানৰ বিৰুদ্ধে যুঁজিব ।
নৰ্থ ইষ্ট ইউনাইটেডৰ ধাৰাবাহিক পৰাজয়ে বহু কথাই ভবাই তুলিছে ।আশাত চেঁচাপানী ঢালিছে উত্তৰ পূৰ্বাঞ্চলৰ ফুটবলপ্ৰেমীৰ মাজত । বহুতে ক’ব খোজে নৰ্থ ইষ্ট ইউনাইটেডৰ ৰণকৌশলৰ অভাৱ বা খেলুৱৈৰ বাছনিত আছে আউল । সি যি কি নহওক, সেই সমগ্ৰ বিষয়বোৰ চালি জাৰি চাই অনাগত মেচত কিদৰে দলটোৱে ফুটবলৰ ৰণভূমিত অৱৰ্তীণ হয়, সেয়া হ’ব লক্ষণীয় । স্বাভাৱিক অৱস্থালৈ দলটো প্ৰত্যাৱৰ্তনৰ আশাত বন্দী উত্তৰ পূৰ্বাঞ্চলৰ অগণন ফুটবল অনুৰাগী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments