Tuesday, October 4, 2022
HomeNewsআই এছ এলত ঘটিয়ে ঘটিয়ে পানী খাইছে নৰ্থ ইষ্টে! ১৯ খন মেচৰ...

আই এছ এলত ঘটিয়ে ঘটিয়ে পানী খাইছে নৰ্থ ইষ্টে! ১৯ খন মেচৰ ভিতৰত ১২ খনতেই পৰাজিত

অলিম্পিয়া প্ৰতিবেদন

আই এছ এলত ঘটিয়ে ঘটিয়ে পানী খাইছে নৰ্থ ইষ্টে । পুনৰ শিৰত পৰাস্তৰ নাম লিখিলে উত্তৰ পূৰ্বাঞ্চলৰ দলটোৱে । জামচেদপুৰ এফ চিৰ হাতত বিধ্বস্ত টীম নৰ্থ ইষ্ট ।

গোৱাত অব্যাহত আই এছ এল লীগ মেচসমূহ অন্ত পৰাৰ দিশে । ছেমি ফাইনেললৈ যোৱাৰ পথ ৰুদ্ধ হোৱা নৰ্থ ইষ্টৰ হাতত নিয়ম মাফিক মেচ আছেগৈ মাত্র এখন । শুক্ৰবাৰে, নিজা উনবিংশ মেচত নৰ্থ ইষ্ট অৱৰ্তীণ হ’ল অন্যতম শক্তিশালী দল জামচেদপুৰৰ বিৰুদ্ধে । পিছে ২-৩ গ’লৰ ব্যৱধানত জামেছদপুৰৰ ওচৰত পুনৰ নতশিৰ কৰিলে জন আব্ৰাহাম মালিকাধীন দলটোৱে ।খেলৰ প্ৰথমাৰ্ধত জামচেদপুৰৰ হৈ ৩৫ মিনিটত মণিপুৰী খেলুৱৈ এছ ডংগালে প্ৰথমটো গ’লৰে দলটোক অগ্ৰগতি প্ৰদান কৰে । খেলৰ দ্বিতীয়াৰ্ধতো জামেছপুৰৰ হৈ ৫৯ মিনিটত ইংলেণ্ডৰ গ্ৰেগ ষ্টিৱাৰ্টে আন‌এটা গ’ল দি ব্যৱধান ২-০ লৈ বৃদ্ধি কৰে । ইয়াৰ বিপৰীতে নৰ্থ ইষ্টৰ হৈ ৬৬ মিনিটত মিজোৰামৰ খেলুৱৈ লালৰিণডিকা ৰাল্টে আৰু ৬৮ মিনিটত ব্ৰাজিলৰ মাৰ্চেলিনহোৱে এটা গল দি মেচখনত ২-২ ৰে সমতা স্থাপন কৰে । পিছে সেই সমতা বেছি দেৰি নিটিকিল । জামচেদপুৰৰ হৈ ৮৫ মিনিটত অষ্ট্ৰেলিয়াৰ জৰ্ডান মাৰেই বিজয়সূচক গ’লটো স্কৰ কৰাৰ লগে লগে ৩-২ গ’লত পৰাভূত কৰিলে নৰ্থ ইষ্ট ইউনাইটেডক । এই পৰাজয়ৰ ফলত পইন্ট টেবুলৰ পূৰ্বৰ দশম স্থানতে থাকিল নৰ্থ ইষ্ট ।
উল্লেখযোগ্য যে, নৰ্থ ইষ্টে এই পৰ্যন্ত খেলিছে মুঠ ১৯ খন মেচ । ইয়াৰে মাত্র ৩ খনত জয়ী হোৱাৰ বিপৰীতে ১২ খনতেই পৰাজয় বৰণ কৰিছে
। ড্ৰ হৈছিল ৪ খন মেচ ।
অহা ২৮ ফ্ৰেব্ৰুৱাৰীত বিংশতম তথা ছিজনৰ অন্তিমখন মেচত নৰ্থ ইষ্ট দলে সন্মান ৰক্ষাৰ যুঁজত নামিব ইষ্ট বেংগলৰ বিৰুদ্ধে । এই মেচখনৰ পাছতেই বছৰটোৰ বাবে বুট সামৰিব লাগিব দলটোৱে । ইতিমধ্যে ৩৫ পইন্টৰে তালিকাৰ শীৰ্ষত থকা হায়দৰাবাদ এফ চিকে ধৰি তালিকাৰ প্ৰথম চাৰিটা দলৰ বাবে ছেমি ফাইনেলৰ দুৱাৰ খোলা আছে ।

নৰ্থ ইষ্ট ইউনাইটেডৰ দুৰ্বল প্ৰদৰ্শনে আশাহত কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ ফুটবলপ্ৰেমীক । তথাপি এই ছিজনত কোনে পিন্ধিব চেম্পিয়নৰ খিতাপ, তাক লৈ উৎকন্ঠিত ফুটবল বিশ্ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight + seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments