আই এছ এলত নৰ্থ ইষ্ট ইউনাইটেডৰ ব্যৰ্থতা

অলিম্পয়া প্ৰতিবেদন

আই এছ এলত নৰ্থ ইষ্ট ইউনাইটেডৰ ব্যৰ্থতা।চেন্নায়েন এফ চিৰ হাতত পৰাজয় উত্তৰ-পূৰ্বৰ দল নৰ্থ ইষ্ট ইউনাইটেড ।তিনিখন মেচৰ ভিতৰত দ্বিতীয় পৰাজয়।
গোৱাত অব্যাহত আছে ভাৰতীয় ফুটবলৰ সৰ্ববৃহৎ ফুটবল লীগ আই এছ এল । সোমবাৰে ফাটোৰ্ডাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত মুখামুখি হয় চেন্নায়েন এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেড । মেচখনত ২-১ গলৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিলে চেন্নায়েন এফ চিয়ে ।অপ্ৰাণ চেষ্টা কৰিও ১ গলতেই সীমাবদ্ধ থাকিল জন আব্ৰাহম মালিকাধীন নৰ্থ ইষ্ট ইউনাইটেড ।


চেন্নায়েনৰ হৈ ৪১ মিনিটত লালিয়ানজুৱালা চাংটে ১ টা আৰু ৭৭ মিনিটত অনিৰুদ্ধ থাপাই আনটো গল দিয়ে। ৫০ মিনিটত চেন্নায়েনৰ গলৰক্ষক বিশাল কাইথে আত্মঘাতী গল দিয়াৰ বাবে নৰ্থ ইষ্ট দলে এটা গল পৰিশোধ কৰিবলৈ সক্ষম হয় ।


৪৬ মিনিটলৈ খেলপথাৰত থাকিল অসমৰ প্ৰজ্ঞান সুন্দৰ গগৈ । খেলৰ দ্বিতীয়াৰ্ধত মৈদানত প্ৰজ্ঞানৰ পৰিৰ্বতে নামে নৰ্থ ইষ্ট ইউনাইটেডৰ লালথাউপুইমাউয়া।
উল্লেখযোগ্য যে, এতিয়ালৈকে অৱতীৰ্ণ হোৱা মেচৰ ভিতৰত নৰ্থ ইষ্ট ইউনাইটেডে দুখনত পৰাজয় আৰু এখনত ড্ৰ’ৰ সন্মুখীন হৈছে । প্ৰথম মেচতে পৰাজয়ৰ মুখ দেখিছিল এফ চি বেংগালুৰুৰ বিৰুদ্ধে আৰু কেৰালা ব্লাষ্টাৰ্ছৰ সৈতে মেচখন হৈছিল ড্ৰ ।


পুনৰ ৪ ডিচেম্বৰত এফ চি গোৱাৰ বিৰুদ্ধে চৰ্তুথখন মেচত অৱৰ্তীণ হ’ব নৰ্থ ইষ্ট ইউনাইটেড ।এতিয়ালৈকে ৬ পইন্টৰে তালিকাৰ শীৰ্ষত আছে এ টি কে মোহন বাগান আৰু চেন্নায়েন এফ চি ।অন্যহাতে, দুখনত পৰাজিত আৰু এখনত ড্ৰ’ খেলি তালিকাৰ নৱম স্থানলৈ অৱনমিত হ’ল নৰ্থ ইষ্ট ইউনাইটেড ।


উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমী ৰাইজে আশা কৰিছে আগন্তুক মেচত নৰ্থ ইষ্ট ইউনাইটেডে দাঙি ধৰক উন্নত প্ৰৰ্দশন । আই এছ এলত হেৰুৱা ছন্দ ঘূৰাই পাওক উত্তৰ-পূৰ্বৰ ঘৰুৱা দলটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *