Tuesday, October 4, 2022
HomeNewsক্রীড়া বিতৰ্ক: বিকিনি নিপিন্ধাৰ বাবেই জৰিমনাৰ সন্মুখীন হ'ল ন'ৰৱেৰ বিচ্চ হেণ্ডবল খেলুৱৈ

ক্রীড়া বিতৰ্ক: বিকিনি নিপিন্ধাৰ বাবেই জৰিমনাৰ সন্মুখীন হ’ল ন’ৰৱেৰ বিচ্চ হেণ্ডবল খেলুৱৈ

অলিম্পিয়া প্রতিবেদন

বিকিনি নিপিন্ধাৰ বাবেই জৰিমনা। হয়, আপুনি ঠিকেই শুনিছে। বিকিনি পিন্ধিবলৈ অমান্তি হোৱাৰ বাবেই ন’ৰৱেৰ মহিলা বিচ্চ হেণ্ডবল দলটোৱে এক বৃহৎ পৰিমাণৰ জৰিমনা ভৰিবলগীয়া হয়। সম্প্ৰতি বুলগেৰীয়াত চলি থকা ইউৰোপিয়ান বিচ্চ হেণ্ডবল চেম্পিয়নশ্বিপত এই ঘটনা সংঘটিত হৈছে। ইউৰোপিয়ান চেম্পিয়নশ্বিপখনত ন’ৰৱেৰ দলটোৱে স্পেইনৰ বিৰুদ্ধে ব্ৰঞ্জ পদকৰ বাবে মুখামুখি হৈছিল। মেচখনত দলটোৰ খেলুৱৈসকলে বিকিনিৰ পৰিৱৰ্তে বাইক শ্বৰ্টছ পিন্ধি ফিল্ডত নামিছিল। উল্লেখযোগ্য যে নিয়ম অনুসৰি বিচ্চ হেণ্ডবলত খেলুৱৈসকলে টপছ আৰু বিকিনি বটম পিন্ধিব লাগে। ইউৰোপিয়ান হেণ্ডবল ফেডাৰেচনে এই নিয়মৰ দোহাই দি দলটোক ১৫০০ ইউৰোৰ জৰিমনা বিহে।

ফেডাৰেচনৰ এই পদক্ষেপৰ পিছতেই এতিয়া সমগ্ৰ ক্রীড়াবিশ্বত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। দলটোৰ কাষত নৰৱে হেণ্ডবল ফেডাৰেচন থিয় দিয়াৰ লগতে গ্ৰেমী পুৰস্কাৰপ্ৰাপ্ত সংগীত শিল্পী পিংকেও খেলুৱৈসকলৰ বিকিনি নিপিন্ধাৰ সিদ্ধান্তক সমৰ্থন কৰিছে। পিংকে আনকি দলটোৰ সমস্ত জৰিমনা নিজে বহন কৰাৰ বাবেও আগবাঢ়ি আহিছে।

নৰৱে দলটোৰ কাষত থিয় দি নৰৱে হেণ্ডবল ফেডাৰেচনে কৈছে যে তেওঁলোকে মহিলা খেলুৱৈসকলক লৈ গৌৰৱবোধ কৰিছে। ফেডাৰেচনে একেলগে সকলোৱে খেলবিধৰ নিয়ম সলনি কৰাৰ বাবে যুঁজি যাব বুলি উল্লেখ কৰি কয় যে খেলুৱৈসকলে তেওঁলোকৰ সুবিধা অনুসৰি কাপোৰ পিন্ধাৰ স্বাধীনতা পোৱা উচিত। ইপিনে নৰৱেৰ ক্রীড়ামন্ত্ৰী আবিদ ৰাজাই ইউৰোপিয়ান হেণ্ডবল ফেডাৰেচনৰ এই কাৰ্যক হাস্যকৰ আখ্যা দিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 + ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments