অলিম্পিয়া প্ৰতিবেদন
অসমৰ পৰম্পৰাগত তথা থলুৱা খেল-ধেমালিসমূহৰ সংৰক্ষণৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা ৰাজ্যৰ বিশিষ্ট ক্রীড়া নিবন্ধকাৰ গহীন সোণোৱালৰ বুধবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে। ক’ভিড-১৯ ত আক্ৰান্ত হৈ বিয়োগ ঘটে বিশিষ্ট লিখকগৰাকীৰ। ডিব্ৰুগড় জিলাত জন্মলাভ কৰা বিশিষ্ট লেখকগৰাকীৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
উল্লেখযোগ্য যে গহীন সোনোৱালে অসমৰ থলুৱা তথা পৰম্পৰাগত খেল ধেমালি সম্পৰ্কীয় দুখনকৈ গ্ৰন্থ লিখি উলিয়াইছিল ক্রীড়া সাংবাদিক চিৰঞ্জীৱ শৰ্মাৰ সহযোগত। অলিম্পিয়া প্ৰকাশনে প্ৰকাশ কৰিছিল দুয়োখন গ্ৰন্থ। ইয়াৰ উপৰিও অসমৰ বিভিন্ন বাতৰি কাকতত তেওঁৰ বিভিন্ন খেল-ধেমালি সম্পৰ্কীয় লেখা প্ৰকাশ পাইছিল।
কেৱল ক্রীড়ামূলক প্ৰবন্ধই নহয়, সোনোৱাল সকলৰ কৃষ্টি সংস্কৃতিৰ ওপৰতো বহু তত্বগধুৰ লেখা লিখি উলিয়াইছিল এইগৰাকী নিবন্ধকাৰে। ‘সোনোৱাল সকলৰ বৰ্ণময় কৃষ্টি-সংস্কৃতি’ শীৰ্ষক গ্ৰন্থখন অসমৰ গ্ৰন্থ জগতলৈ তেওঁৰ বিশেষ অৱদান।