Monday, October 3, 2022
HomeNewsঅইল ইণ্ডিয়া পাইপ লাইন কৰ্মচাৰীৰ ক্ৰীড়া সমাৰোহ

অইল ইণ্ডিয়া পাইপ লাইন কৰ্মচাৰীৰ ক্ৰীড়া সমাৰোহ

অলিম্পিয়া প্ৰতিবেদন

অইল ইণ্ডিয়া লিমিটেডৰ পাইপ লাইন হেডকোৱাৰ্টাৰ, গুৱাহাটীৰ নাৰেঙ্গীত অহা ২৫-২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এক ক্ৰীড়া সমাৰোহ । পাইপ লাইন কৰ্মচাৰীৰ সোনালী জয়ন্তী উপলক্ষে এই ক্ৰীড়া সমাৰোহৰ আয়োজন কৰা হৈছে । সমাৰোহত ইনড’ৰ আৰু আউটড’ৰ বিভিন্ন ইভেন্টক সামৰি লোৱা হৈছে । এই সমাৰোহত দুলিয়াজানৰ পৰা বাৰাউনি লৈকে সকলো পাম্প ষ্টেচনৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিব । এই বছৰৰ পাইপ লাইন কৰ্মচাৰীৰ বাৰ্ষিক সোণালী জয়ন্তী বৰ্ষৰ ক্ৰীড়া সমাৰোহ অহা ২৫ ফেব্ৰুৱাৰীত উদ্ধোধন কৰিব ভাৰতীয় ফুটবলৰ কিংবদন্তি তথা পদ্মশ্ৰী বাইচুং ভুটিয়া আৰু পাইপ লাইন বিভাগৰ কাৰ্য্যবাহী সঞ্চালক সন্দীপ কুমাৰ গোস্বামীয়ে । বাতৰিটো প্ৰেৰণ কৰিছে অইল ইণ্ডিয়াৰ মহা প্ৰবন্ধক মাধুৰ্য্য বৰুৱাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments