Tuesday, October 4, 2022
HomeNewsঅইনাম বেমবেম দেৱী চিংকি নহয় : ভাৰতীয় মহিলা ফুটবল ফেডাৰেচন

অইনাম বেমবেম দেৱী চিংকি নহয় : ভাৰতীয় মহিলা ফুটবল ফেডাৰেচন

যি সময়ত কৰ’না ভাইৰাছক লৈ সমগ্ৰ বিশ্বই ত্ৰস্তমান, সেই সময়তে এই ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ মাজেৰে সমাজৰ বহু দিশ উন্মোচিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বহুকেইখন সংবাদমেলত কৰ’না ভাইৰাছক চাইনীজ ভাইৰাছ বুলি সম্বোধন কৰি ৰোগবিধক ৰাজনীতিৰ পোচাক পিন্ধালে। বহু দেশত চাইনীজ মূলৰ লোকসকল বৰ্ণ বৈষম্যৰো সন্মুখীন হৈছে।

ভাৰতত কৰ’না ভাইৰাছে থিতাপি লোৱাৰ বহু আগৰ পৰাই উত্তৰ পূৱৰ লোকসকল এনেধৰণৰ বৰ্ণ বৈষম্যৰ সন্মুখীন হৈ আহিছে। কৰ’নাৰ পৰিপ্ৰেক্ষিতত এতিয়া মংগোলীয় চেহেৰাৰ এইসকল উত্তৰ পূৱৰ লোকে পুনৰবাৰ ভাৰতীয় হোৱাৰ প্ৰমাণ দিবলগীয়া হৈছে।দেশত ইটোৰ পিছত সিটোকৈ উত্তৰ পূৱৰ লোকৰ ওপৰত আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। উত্তৰ-পূৱৰ লোকসকলক নতুনকৈ কৰ’না বুলি অভিহিত কৰি আক্ৰমণ কৰা হৈছে। তাকে লৈ উত্তৰ-পূৱৰ বিভিন্নজনে মাত মাতিছে। তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে এনেধৰণৰ বৰ্ণ বৈষম্যৰ। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুয়ে নিজেই এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঊৰ্ধতন কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে। ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ নামৰ বাতৰি কাকতত বেডমিণ্টন তাৰকা জ্বালা গুট্টাই নিজৰ অভিজ্ঞতা প্ৰকাশ কৰি তেওঁ কিদৰে ভাৰতীয় মূলৰ লোকৰ পৰা চিংকি, কৰ’না আদি শব্দৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হৈছে সেই কথা ব্যক্ত কৰিছে। সিদিনা চ’ছিয়েল মিডিয়াৰ জৰিয়তে চিকিমৰ ফুটবল তাৰকা সঞ্জু প্ৰধানেও এনে ঘটনাৰ গৰিহণা দিছে।

ভাৰতীয় মহিলা ফুটবল ফেডাৰেচনৰ টুইটাৰ হেণ্ডেলত ভাৰতীয় মহিলা ফুটবল দলৰ অধিনায়িকা অইনাম বেমবেম দেৱীৰ নাম উল্লেখ কৰি এনে ঘটনাৰ তীব্ৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে। টুইটটোত উল্লেখ কৰা হৈছে এই বুলি

উল্লেখযোগ্য যে মণিপুৰৰ অইনাম বেমবেম দেৱী এগৰাকী তাৰকা ফুটবলাৰ যিয়ে পদ্মশ্ৰীৰ লগতে অৰ্জুন বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments