Sunday, October 2, 2022
HomeNewsঅলিম্পিয়া আৰ্কাইভ: ডিব্ৰুগড়ৰ শক্তিমেলা আৰু সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা

অলিম্পিয়া আৰ্কাইভ: ডিব্ৰুগড়ৰ শক্তিমেলা আৰু সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা

অলিম্পিয়া বিশেষ প্ৰতিবেদন

(মূল লেখা: জয়ন্ত কুমাৰ দাস)

অসমৰ ক্ৰীড়া-সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা অথবা আৰ-জি বৰুৱাৰ জীৱনৰ প্ৰথমছোৱা অতিবাহিত হৈছিল ডিব্ৰুগড় চহৰত। অসমৰ ক্ৰীড়া সংস্কৃতিৰ উন্নয়নৰ ভৱিষ্যত পৰিকল্পনাসমূহৰো অংকুৰণ ঘটিছিল ডিব্ৰুগড়তেই। ডিব্ৰুগড়তেই ৰাধাগোবিন্দই আৰম্ভ কৰিছিল ক্ৰীড়া ক্ষেত্ৰৰ এক অভিনৱ অনুষ্ঠান ‘শক্তিমেলা’। সেয়া ১৯৩৫ চনৰ কথা। ইয়াৰ পূৰ্বতে ১৯৩২,১৯৩৩ আৰু ১৯৩৪ চনত যোৰহাটত বলিনাৰায়ন বৰুৱা, ৰাধানাথ ফুকন আৰু ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত শক্তি মেলাৰ উকমুকণি আৰম্ভ হয়। দীৰ্ঘ দূৰত্বৰ, খোজকঢ়া আদিৰ লগতে শৰীৰ চৰ্চা প্ৰতিযোগিতা এই শক্তিমেলাৰ মূল কাৰ্যসূচী আছিল।

১৯৩৫ চনত ডিব্ৰুগড়ৰ জৰ্জ স্কুল খেলপথাৰত আয়োজন কৰা শক্তিমেলাৰ সভাপতি আছিল সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা। যুটীয়া সম্পাদকৰ দায়িত্বত আছিল ৰাধাগোবিন্দ বৰুৱা আৰু লক্ষ্মীকান্ত দত্ত। ১৯৩৫ চনৰ মে’ মাহৰ ৫,৬ আৰু ৭ তাৰিখে পঞ্চম জৰ্জৰ সন্মানাৰ্থে এই শক্তিমেলাৰ আয়োজন কৰা হৈছিল। এই শক্তিমেলাত অংশগ্ৰহণ কৰি দীৰ্ঘ দূৰত্বৰ সাঁতোৰত গুৱাহাটীৰ প্ৰেমদাকান্ত শৰ্মা শ্ৰেষ্ঠ বিবেচিত হয় আৰু পিছলৈ তেওঁ উদ্যোক্তাসকলৰ শাৰীও পূৰণ কৰে। জানিব পৰা মতে ডিব্ৰুগড়ৰ শক্তিমেলাৰ তৃতীয় দিনাখন প্ৰায় দহ হাজাৰ দর্শকৰ সমাবেশ হৈছিল জৰ্জ স্কুল খেলপথাৰত।

একেদৰে ১৯৩৭ চনত ৰাধাগোবিন্দ বৰুৱাই শক্তিমেলাত প্ৰচলন কৰিছিল মাৰথান ৰেচৰ। যিহেতু এটা সীমাৰ ভিতৰত এই মাৰথান ৰেচ আবদ্ধ আছিল, ইয়াক লং ডিষ্টেন্স ৱাকিং ৰেচ বুলিও কোৱা হৈছিল। এই শক্তিমেলাত অসমৰ দুৰ্গম পথেৰে গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ খোজকঢ়া প্ৰতিযোগিতা পাতি গোটেই অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছিল। প্ৰতিযোগিতাখনৰ পৰিচালনাৰ দায়িত্ব বহন কৰিছিল যোৰহাটৰ হৰিণাৰায়ন দত্ত বৰুৱাই। এই শক্তিমেলাতেই ১০ মাইল দৌৰ প্ৰতিযোগিতাত গোপাল চন্দ্ৰ ভৰালীয়ে ৫৯ মিনিট ৪০ চেকেণ্ড সময় লৈ প্ৰথম হয়। আনহাতে ৫৭ ঘণ্টা ৩৫ মিনিট একেৰাহে খোজকঢ়া প্ৰতিযোগিতাত সুশীল কুমাৰ বুঢ়াগোহাঁইয়ে প্রথম স্থান লাভ কৰিছিল। এই শক্তিমেলাৰ আৰ্হিতেই পৰৱৰ্তী সময়ত অসমত আধুনিক ৰাজ্যিক অলিম্পিক গেমছ অথবা ‘ষ্টেট গেমছ’ৰ আয়োজন কৰা হৈছিল। অৱশ্যে বিভিন্ন কেতবোৰ কাৰণত ১৯৩৭ চনৰ পিছত শক্তিমেলা উদযাপনৰ কোনো নিদৰ্শন আমাৰ হাতত নাই।

মুঠৰ ওপৰত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা ডিব্ৰুগড়ত থকা কালতেই ডিব্ৰুগড় চহৰত আৰম্ভ কৰা ক্ৰীড়া উন্নয়নৰ আঁচনিসমূহ পিছলৈ গৈ গুৱাহাটীৰ ক্ৰীড়া ক্ষেত্ৰৰ আধাৰ স্বৰূপ হৈ পৰিল। আনহাতে, সিংহ পুৰুষজনাই ডিব্ৰুগড়ত আৰম্ভ কৰা ক্ৰীড়া উন্নয়ন আঁচনিসমূহ তুলি ধৰিবলৈ আগবাঢ়ি আহে আন এচাম নৱ প্ৰজন্মৰ ক্ৰীড়া সংগঠক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments