Tuesday, October 4, 2022
HomeNewsনিৰ্দিষ্ট নিয়মৰ মাজেৰে শৰীৰচর্চা কেন্দ্ৰসমূহ মুকলি কৰি দিয়াৰ আহ্বান অসম ভাৰত্তোলন...

নিৰ্দিষ্ট নিয়মৰ মাজেৰে শৰীৰচর্চা কেন্দ্ৰসমূহ মুকলি কৰি দিয়াৰ আহ্বান অসম ভাৰত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীৰ

অলিম্পিয়া বিশেষ প্ৰতিবেদন

“কৰোনা ভাইৰাছৰ ফলত দেশজুৰি চলি থকা লকডাউনৰ বাবে ভাৰত্তোলকসকলৰ লগতে শৰীৰচৰ্চাবিদসকলো অসুবিধাৰ সন্মুখীন হৈছে। বিশেষকৈ দেশত শৰীৰচর্চা কেন্দ্ৰসমূহ বন্ধ হৈ থকাৰ ফলত খেলুৱৈসকলে সঠিক ধৰণে অনুশীলন আগবঢ়াই নিব পৰা নাই। ” এই মন্তব্য অসম ভাৰত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীৰ।

উল্লেখযোগ্য যে সমগ্ৰ দেশতে কৰোনা ভাইৰাছৰ বাবে বলবৎ কৰা লকডাউনৰ সময়ছোৱাত প্ৰথম অৱস্থাত সকলো সেৱা বন্ধ হৈ আছিল যদিও বৰ্তমান চতুৰ্থ পৰ্যায়ৰ লকডাউন বহু শিথিলতাৰ মাজেৰে আগবাঢ়িছে। কিন্তু তথাপি এতিয়াও দেশত শৰীৰচর্চা কেন্দ্ৰসমূহ মুকলি কৰাৰ অনুমতি দিয়া নাই। ফলত ভাৰত্তোলনকে আদি কৰি শৰীৰ চর্চাৰ সৈতে জড়িত আন খেলুৱৈসকল তথা এই ব্যৱসায়ৰ সৈতে জড়িত লোকসকলো ব্যাপক ৰূপত ক্ষতিগ্ৰস্ত হৈছে।

অসমৰ একমাত্ৰ ক্ৰীড়া আলোচনী অলিম্পিয়াৰ ডিজিটেল সংস্কৰণ Olympiasports.in ৰ জৰিয়তে ফেচবুক লাইভ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম ভাৰত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে ফিটনেছ ব্যৱসায়ৰ সৈতে জড়িত অসুবিধাসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে অসমৰ ভাৰত্তোলন ক্ষেত্ৰৰ সৈতে জড়িত বিভিন্ন দিশসমূহ ফঁহিয়াই আলোচনা কৰে। অনুষ্ঠানটোৰ জড়িয়তে তেওঁ চৰকাৰক শৰীৰচর্চা কেন্দ্ৰ অৰ্থাৎ জিমসমূহ মুকলি কৰি দিয়াৰ আহ্বান জনায়। তেওঁ কয় যে যিসময়ত শ্বপিং মলৰ পৰা আৰম্ভ কৰি বজাৰ সমাৰ তথা যাতায়তো মুকলি কৰি দিয়া হৈছে তেনে সময়ত নিৰ্দিষ্ট নীতি নিয়ম আৰোপৰ মাজেৰে শৰীৰ চর্চা কেন্দ্ৰসমূহো মুকলি দিব পৰা যায়।

“খেলুৱৈসকল ইতিমধ্যে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। হ’বলগীয়া খেলসমূহো বন্ধ হৈ গ’ল। আমাৰ খেলুৱৈসকলৰ অনুশীলন বন্ধ হৈ যোৱাৰ কথাটোৱে খেলুৱৈৰ প্ৰদৰ্শনৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলাব। বিশেষকৈ ভাৰত্তোলনত weight training তথা weight lifting ৰ কথাসমূহ জড়িত হৈ থাকে। সক্ৰিয় অনুশীলন অবিহনে ই প্ৰদৰ্শনৰ ওপৰত প্ৰভাৱ পেলাব” সম্পাদকজনে অনুষ্ঠানটোত কয় এইদৰে।

অসমৰ ভাৰত্তোলন ক্ষেত্ৰখনৰ কথা উল্লেখ কৰি গোস্বামীয়ে কয় যে অসমত প্ৰতিভাৰ অভাৱ নাই। আমাৰ ভাৰত্তোলনত প্ৰতিবাৰেই নেচেনেল মেডেল থাকে। ৰাষ্ট্ৰীয় গেমছৰ লগতে বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো অসমৰ খেলুৱৈয়ে নাম কৰিবলৈ সক্ষম হৈছে। শেষবাৰৰ বাবে কমনৱেলথ ৱেটলিফটিং চেম্পিয়নশ্বিপতো অসমৰ তিনিজনকৈ ভাৰত্তোলকে পদক লাভ কৰিবলৈ সক্ষম হৈছিল। বৰ্ণালী বৰাই স্বৰ্ণ, পাপুল চাংমাইয়ে ৰূপ লাভ কৰাৰ লগতে ৰেখামণি গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

অসমৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈৰ বিষয়ে ক’বলৈ গৈ গোস্বামীয়ে কয় যে অসমৰ সিদ্ধান্ত গগৈয়ে অলিম্পিকত স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰোপৰি পাপুল চাংমাইৰো উজ্জ্বল ভৱিষ্যত আছে।

অসমৰ ভাৰত্তোলন ক্ষেত্ৰখনত থকা অভাৱসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে অসমত পৰ্যাপ্ত প্ৰশিক্ষক নাই। গোটেই ৰাজ্যত চাৰি পাঁচ জনমানহে প্ৰশিক্ষক উপলব্ধ। তাৰোপৰি প্ৰতিখন জিলাতে পৰ্যাপ্ত প্ৰশিক্ষণৰ সুবিধা নাই। এই অসুবিধাসমূহ দূৰ হ’লে অসমেও মণিপুৰৰ দৰে ভাৰত্তোলনত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ’ব।

অনুষ্ঠানটোত অসম ভাৰত্তোলন সন্থাৰ সম্পাদকজনে অসম অলিম্পিক সন্থাৰ ভূমিকাকো ভূয়সী প্ৰশংসা কৰে। লকডাউনৰ সময়ত অসম অলিম্পিক সন্থাৰ সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সম্পাদক লক্ষ্য কোঁৱৰে লোৱা ভূমিকাক প্ৰশংসা কৰি গোস্বামীয়ে কয় যে অসমৰ ইতিহাসত হয়তো পোন প্ৰথমবাৰৰ বাবে সন্থাটোৱে এনেদৰে সক্রিয়তাৰে কাম কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments