Sunday, October 2, 2022
HomeNewsৰেড জ'নত আছে অলিম্পিয়ান দীপাংকৰ : পুৱা-গধূলি নিয়মীয়াকৈ চলাই আছে দীপাংকৰ বেডমিণ্টন...

ৰেড জ’নত আছে অলিম্পিয়ান দীপাংকৰ : পুৱা-গধূলি নিয়মীয়াকৈ চলাই আছে দীপাংকৰ বেডমিণ্টন একাডেমী

olympiasports.in

লকডাউনৰ বাবে সকলো এতিয়া নিজ গৃহতেই আৱদ্ধ। ব্যতিক্ৰম নহয় ক্ৰীড়াবিদসকলো। দুবাৰকৈ দেশৰ হৈ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ প্ৰথমজন শ্বাটলাৰ অসম সন্তান দীপাংকৰ ভট্টাচাৰ্য ও এতিয়া নিজৰ মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ উলৱেৰ ফ্লেটতে আৱদ্ধ হৈ আছে। লকডাউনৰ এই সময়ছোৱাত ক্ৰীড়াবিদ গৰাকী বৰ্তমানৰ ক্ৰীড়া জগতক লৈ চিন্তিত হৈ পৰিছে।

‘ক’ভিড-১৯ ৰ ভেকচিন আবিষ্কাৰ হোৱাৰ পিছতহে হয়তো ক্ৰীড়াৰ এক ব্যস্ততা পূৰ্ণ পৃথিৱীখনক পুনৰ উপলব্ধি কৰিব পাৰিম। এতিয়া ভেকচিনৰ বাবে সমগ্ৰ পৃথিৱীৰ বিজ্ঞানীসকল ব্যস্ত হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান বি বি চিৰ মতে অহা ছেপ্টেম্বৰ মাহত হয়তো সেই লক্ষ্যত উপনীত হ’ব পাৰিব।’ এইদৰে কয় দীপাংকৰ ভট্টাচাৰ্যই।

মহাৰাষ্ট্ৰত কৰ’না ভাইৰাছৰ সংক্ৰমণ বৰ্তমান দেশৰ ভিতৰতে সৰ্বাধিক। দীপাংকৰ ভট্টাচাৰ্য‌ই বাস কৰা উলৱে মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত। এই ৰায়গড় জিলাখন ৰেড জনত। দীপাংকৰ ভট্টাচাৰ্য‌ই কয় ‘আমাৰ ফ্লেটৰ ছ’চাইটীত এজনো বেমাৰটো হোৱা নাই। কিন্তু ৰায়গড় জিলাখন ৰেড জনত। সেইবাবে অত্যন্ত সাৱধান হৈছোঁ। লকডাউন সম্পূৰ্ণৰূপে মানি চলিছো। ঘৰতে বহি ‘ৱৰ্ক ফ্ৰম হ’ম’ কাৰ্যসূচী মানি কৰ্যালয়ৰ কাম কৰিছোঁ। কাৰ্যালয়ৰ কামত আমাক টাৰ্গেত ধৰি দিছে। হোৱাটছ‌এপ্ গ্ৰোপত আলোচনা চলিছে‌। একাংশ‌ই লাৰ্ণিং আৰু ডেভল’পমেণ্ট’ পাঠ্যক্ৰমত ভাগ লৈছে। চাকৰি জীৱনৰ এই সময়খিনিত কঠিন সময় পাৰ কৰিবলগীয়া হৈছে। কাৰ্যালয়ৰ পৰা হঠাৎ কেতিয়াবা ফোন আহে। বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলগীয়া হয়।’

এনে এক জটিল পৰিবেশৰ মাজতো দীপাংকৰ ভট্টাচাৰ্যই উলৱেত থকা দীপাংকৰ বেডমিণ্টন একাডেমী আৰু ইয়াৰ ছেটেলাইট চেণ্টাৰসমূহো চলাই গৈছে। প্ৰতিদিনে পুৱা-গধূলি ছেটেলাইট চেণ্টাৰসমূহৰ জৰিয়তে প্ৰায় ডেৰ ঘণ্টা ধৰি প্ৰশিক্ষণ দি আহিছে দীপাংকৰে। অৱশ্যে দীপাংকৰ বেডমিণ্টন একাডেমীৰ দীপাংকৰৰ সহযোগী প্ৰশিক্ষকগৰাকী কৰ’না ভাইৰাছৰ বাবেই মালয়ছিয়াৰ নিজ বাসগৃহলৈ উভতি গৈছে। পৰিস্থিতি উন্নত হ’লে পুনৰ ঘূৰি আহি একাডেমিত যোগদান কৰিব। বাকীসকল প্ৰশিক্ষক আৰু ছাপ’ৰ্টিং ষ্টাফে দীপাংকৰ ভট্টাচাৰ্যৰ দৰে নিজ ঘৰৰ পৰাই কাম কৰি আছে।

কৰ’না মহামাৰীৰ বিৰুদ্ধে চলি থকা এই যুঁজখনত ভাৰতবাসীৰ লগতে সমগ্ৰ বিশ্ববাসী জয়ী হ’ব বুলি বিশ্বাস কৰা দীপাংকৰ ভট্টাচাৰ্যই কয় যে ‘তেওঁৰ একাডেমীখনৰ জৰিয়তে এক লক্ষী স্থিৰ কৰি লৈছিল। সেই লক্ষ্যত উপনীত হোৱাত সাম্প্ৰতিক পৰিস্থিতিয়ে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিলে‌। কিন্তু এনে প্ৰতিবন্ধকতা চিৰস্থায়ী নহয়।’

পৰিয়ালৰ সৈতে দীপাংকৰ ভট্টাচাৰ্য

নিজৰ প্ৰশিক্ষাৰ্থীসকলক লৈ অত্যন্ত সচেতন দীপাংকৰ ভট্টাচাৰ্যই প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত কিছু পদ্ধতিৰ সালসলনি কৰিছে‌ বুলিও জানিবলৈ দিছে। প্ৰথমতে তেওঁ ‘জুম’ এপৰ জৰিয়তে সকলোকে প্ৰশিক্ষণ প্ৰদান কৰিছিল যদিও দেশৰ গৃহমন্ত্ৰালয়ে ‘জুম’ ৰ জৰিয়তে তথ্য ফাদিল হোৱাৰ আশংকা প্ৰকাশ কৰাত সেই ‘জুম’ এপ ব্যৱহাৰ কৰাৰ পৰা বিৰত হৈছে। ইয়াৰ পৰিবৰ্তে এতিয়া তেওঁ হোৱাটচ‌এপৰ সহায় লৈছে। তেওঁৰ মতে জুম ব্যৱহাৰ কৰিলে ‘ডিভাইচ বোৰৰ পাৱাৰো খুব সোনকালে শেষ হয়।

লকডাউনৰ সময়ত গৃহবন্দী হৈ থাকিও ব্যস্ততাৰে সময় পাৰ কৰা শ্বাটলাৰ দীপাংকৰে অৱশ্যে নিজৰ পুত্ৰৰ লগত লবীত খেলাৰ উপৰিও কিতাপ অধ্যয়ন কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা লকডাউন সম্পূৰ্ণৰূপে মানি চলিবলৈ সকলোলৈকে অনুৰোধ জনাই দীপাংকৰে কয় যে সকলো ঘৰত থাকি কৰ’না প্ৰতিৰোধী সংগ্ৰামত ভাগ ল‌ওক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments