Tuesday, October 4, 2022
HomeNewsপুনৰ অনুশীলনত ব্ৰতী ৰূপৰ পদক জয়ী অলিম্পিয়ান মীৰাবাই চানু

পুনৰ অনুশীলনত ব্ৰতী ৰূপৰ পদক জয়ী অলিম্পিয়ান মীৰাবাই চানু

অলিম্পিয়া প্ৰতিবেদন

মীৰাবাই চানু।টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়ী মিৰাবাই চানু এতিয়া ভাৰতবাসীৰ নয়নৰ মণি ।মণিপুৰৰ জীয়ৰী এইগৰাকী মীৰাবাইয়ে বিশ্বদৰবাৰত ভাৰতক গৌৰৱান্বিত কৰিলে ।বহু বছৰীয়া অলিম্পিক জয়ৰ সপোন সাৰ্থক হ’ল সদ্য সমাপ্ত টকিঅ’ অলিম্পিকত।
উত্তৰ পূৰ্বাঞ্চলৰ এইগৰাকী অলিম্পিয়ানে অলিম্পিক জয়ৰ বাবে কিমান কষ্ট বা সাধনা কৰিব লগা হৈছিল সেইয়া সৰ্বজনবিদিত ।অলিম্পিকত জয়ৰ মুকুট পিন্ধি স্বদেশত ভৰি দিয়াৰ পাছতেই দেশ তথা মণিপুৰত মীৰাবাই চানুক জনোৱা হৈছিল উষ্ম আদৰণি ।প্ৰায় দুটা বছৰৰ পাছত লগ পাইছিল পৰিয়াল আৰু মৰমৰ পিতৃ-মাতৃক ।বিগত আঠ আগষ্টত আছিল মীৰাবাই চানুৰ জন্মদিন ।অলিম্পিক জয়ৰ আনন্দৰ মাজতেই পৰিয়ালৰ সতে এই বিশেষ দিনটো উদযাপন কৰিলে মীৰাবাই চানুৱে ।ইয়াৰ পাছতেই ক্ৰীকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ সৈতে সাক্ষাৎ হৈছিল এইগৰাকী বিশ্বজয়ী ভাৰত্তোলকৰ ।ভাৰতক ৰূপৰ পদক উপহাৰ দিয়া মীৰাবাই চানুক শুভেচ্ছা জ্ঞাপন কৰিলে বিখ্যাত ক্ৰিকেটাৰজনে ।অলিম্পিয়ান সকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময় অনুষ্ঠানতো দেখা পোৱা গৈছিল অলিম্পিয়ান গৰাকীক।
কঠোৰ অনুশীলন, পৰিশ্ৰমৰ অন্তত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মণিপুৰৰ নিজা বাসগৃহত কিছু জিৰণিৰ মুহুৰ্ত কটালে মীৰাবাই চানুৱে ।শেহতীয়াকৈ, মীৰাবাই চানুৱে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এখন ছবি সম্বলিত বিশেষ পোষ্ট ।য’ত দেখা গৈছে এজন প্ৰশিক্ষকৰ সৈতে অনুশীলনত ব্যস্ত মীৰাবাই ।তেও সামাজিক মাধ্যমত লিখিছে-“Back in Action, mission Paris 2024″।অথাৎ অনুশীলনলৈ পুনৰ প্ৰত্যাৱৰ্তন ।এইবাৰ লক্ষ্য পেৰিছ অলিম্পিক 2024 ।
জানিবপৰা মতে, ৰূপৰ পদক জয়ী অলিম্পিয়ান ঘূৰি গৈছে পাটিয়ালাস্থিত এন. আই. এছ. লৈ ।এক মন্তব্যত তেওঁ কয় “এইয়া মোৰ দ্বিতীয় খন ঘৰ।বহু দিনৰ মূৰত আহিছো, বহুত ভাল লাগিল ।”এনেদৰেই পাটিয়ালাৰ প্ৰশিক্ষণ কেন্দ্ৰত দেখা গ’ল অলিম্পিয়ানগৰাকীক ।হয়তো, মীৰাবাই চানুৱে পুনৰ মনোনিৱেশ কৰিব কঠোৰ অনুশীলনত ।যাৰ দ্বাৰা পেৰিছ অলিম্পিকৰ সপোন পূৰ হ’ব ।ভাৰতবাসীয়েও আশা কৰিব আগন্তুক অলিম্পিকত মীৰাবাই চানুৱে ভাৰত্তোলনত দেশলৈ কঢ়িয়াই আনিব স্বৰ্ণ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments