Friday, September 30, 2022
HomeNewsঅৰ্জুন বটাঁ বিজয়ী অলিম্পিয়ান, মহাভাৰতৰ ভীম প্ৰবীণ কুমাৰ আৰু নাই

অৰ্জুন বটাঁ বিজয়ী অলিম্পিয়ান, মহাভাৰতৰ ভীম প্ৰবীণ কুমাৰ আৰু নাই

অলিম্পিয়া প্ৰতিবেদন

বি আৰ চোপ্ৰাৰ পৌৰাণিক টিভি ছিৰিয়েল ‘মহাভাৰত’ত ভীমৰ চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শকৰ নয়নৰ মণি হৈ পৰা প্ৰাক্তন অলিম্পিয়ান প্ৰবীণ কুমাৰ আৰু নাই । পঞ্জাব মূলৰ প্ৰবীণ কুমাৰ ছবতি নামৰ এইগৰাকী অভিনেতা তথা ক্ৰীড়াবিদৰ সোমবাৰে দিল্লীৰ বাসগৃহত হ্দৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । ৬ ফুট ৬ ইঞ্চি উচ্চতাৰ প্ৰবীণ কুমাৰে অভিনয় ক্ষেত্ৰলৈ অহাৰ পূৰ্বে দেশৰ আগশাৰীৰ ক্ৰীড়াবিদ ৰূপে চিহ্নিত হৈছিল । তেওঁ মুলত: ডিচছকাচ আৰু হামাৰ থ্ৰ ক্ষেত্রত সাফল্য অৰ্জন কৰিছিল । ১৯৬৮ চনৰ মেস্কিকো আৰু ১৯৭২ চনৰ মিউনিখ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল তেওঁ । এছিয়ান গেমছত তেওঁ দুটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল । ১৯৬৬ আৰু ১৯৭০ চনৰ এছিয়ান গেমছৰ ডিছকাছ থ্ৰত প্ৰবীণ কুমাৰে সোণৰ পদক অৰ্জন কৰিছিল । তদুপৰি তেওঁ ১৯৬৬ চনৰ কমনৱেলথ গেমছতো পদক জয় কৰিছিল । মৃত্যুৰ সময়ত ৭৪ বছৰ হোৱা প্ৰবীণ কুমাৰক দেশৰ ক্ৰীড়াক্ষেত্ৰৰ দ্বিতীয় সৰ্বোচ্চ সন্মান অৰ্জুন বটা‍ঁৰে সন্মানিত কৰা হৈছিল । তেওঁৰ মৃত্যুত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে গভীৰ শোক প্ৰকাশ কৰিছে । টিভি ছিৰিয়েল ‘মহাভাৰত’ৰ লগতে কমেও ৫০ খন চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছিল। ইয়াৰ ভিতৰত অমিতাভ বচ্চন অভিনীত বহু সমাদৃত “শ্বাহেনশ্বাহ”ও আছে । পূৰ্বতে এক সাক্ষাৎকাৰত প্ৰবীণ কুমাৰ ছবতিয়ে কৈছিল যে ক্ৰীড়াই তেওঁৰ প্ৰথম প্ৰেম। দুবাৰকৈ অংশগ্ৰহণ কৰিও অলিম্পিকত পদক অৰ্জন কৰিব নোৱাৰাৰ বাবে তেওঁৰ আক্ষেপ থাকি যোৱা বুলি স্বীকাৰ কৰিছিল । তেওঁৰ মৃত্যুত দেশে এগৰাকী ক্ৰীড়াবিদ অভিনেতা হেৰুৱালে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments