Thursday, July 7, 2022
HomeNewsভাৰত মাতা কি জয় ধ্বনিৰে ক্ৰৱেছিয়ালৈ ৰাওনা হ'ল অলিম্পিকলৈ নিৰ্বাচিত ভাৰতীয় দল

ভাৰত মাতা কি জয় ধ্বনিৰে ক্ৰৱেছিয়ালৈ ৰাওনা হ’ল অলিম্পিকলৈ নিৰ্বাচিত ভাৰতীয় দল

অলিম্পিয়া প্রতিবেদন

অলিম্পিকলৈ নিৰ্বাচিত ভাৰতীয় শ্বুটিং দলটো মংগলবাৰে ক্ৰুৱেছিয়া অভিমুখে ৰাওনা হয়। ‘ট্ৰেইনিং কাম কম্পিটিছনৰ বাবে যোৱা দলটোৱে ক্ৰুৱেছিয়াত প্ৰায় আঢ়ৈ মাহ কটাব। এই সময়ছোৱাত দলটোৱে দুখনকৈ গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ ল’ব। অলিম্পিকৰ প্ৰাকক্ষণত ভাৰতীয় দলটোৰ বাবে এই ভ্ৰমণ এতিয়া গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে।

আজি ভাৰতৰ ১৩ জনীয়া দলটো পোনে পোনে ক্ৰুৱেছিয়াৰ ৰাজধানী জেগ্ৰীৱলৈ ৰাওনা হৈছে। দলটোৱে দেশখনৰ ৰাজধানী চহৰখনত এটা প্ৰশিক্ষণ শিবিৰত অংশ লোৱাৰ পিছত অশ্বিজেকলৈ ৰাওনা হ’ব। তাত দলটোৱে ক্ৰমে ইউৰীপিয়ান চেম্পিয়নশ্বিপৰ লগতে আই এছ এছ এফ ৱৰ্ল্ড কাপত ভাগ ল’ব। ইউৰীপিয়ান চেম্পিয়নশ্বিপখন অহা ২০ মেৰ পৰা ৬ জুনলৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে ২২ জুনৰ পৰা ২ জুলাইলৈ অনুষ্ঠিত হ’ব আই এছ এছ এফ ৱৰ্ল্ডকাপ। দলটোৱে তাৰ পৰা বাহিৰে বাহিৰে টকিঅ’লৈ ৰাওনা হ’ব। উল্লেখযোগ্য যে ২৩ জুলাইৰ পৰা টকিঅ’ত অনুষ্ঠিত হব অলিম্পিক।

দলটোৰ সৈতে ৰাওনা হোৱা প্ৰশিক্ষক তথা ভাৰতীয় দলৰ প্ৰাক্তন খেলুৱৈ ছুমা শিৰোৰে টুইটাৰত এই সম্পৰ্কে উল্লেখ কৰি কয়, “ভাৰত মাতা কি জয় ধ্বনিৰে আমি ক্ৰুৱেছিয়ালৈ সাজু। তাৰ পৰা চিধা টকীঅ’লৈ মুঠ ৮০ দিনৰ ভ্ৰমনসূচী। ভাৰতীয় শ্বুটিং দলটোক আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন”

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments