অলিম্পিকৰ দুৱাৰ ৰুদ্ধ হ’ব পাৰে ছাইনা আৰু শ্ৰীকান্থৰ

অলিম্পিয়া প্রতিবেদন

দেশত ক্ৰমাৎ কৰোনাকালীন পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত এতিয়া ইখনৰ পিছত সিখনকৈ ক্রীড়া প্ৰতিযোগিতা স্থগিত ৰখা হৈছে। সোমবাৰে ভাৰতীয় বেডমিণ্টন সন্থাই ইণ্ডিয়া অপেন ছুপাৰ ৫০০ টুৰ্ণামেণ্টখন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ১১ৰ পৰা ১৬ মেলৈ প্ৰতিযোগিতাখন নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ কথা আছিল।

উল্লেখযোগ্য যে, আগন্তুক টকীঅ’ অলিম্পিকৰ বাবে বাকী থকা তিনিখন যোগ্যতা নিৰ্ণয়কাৰীৰ এখন আছিল এই টুৰ্ণামেণ্টখন। কিন্তু, দিল্লীত প্ৰতিদিনে আকাশচুম্বী ৰূপত কৰোনা বিয়পি পৰাৰ বাবেই এতিয়া গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টখন বাতিল কৰিবলৈ বাধ্য হয় ভাৰতীয় বেডমিণ্টন সন্থা। এক ভাৰ্চুৱেল সংবাদমেলত এই কথা উল্লেখ কৰে বেডমিণ্টন সন্থাৰ সম্পাদক অজয় সিংহানিয়াই।

ইয়াৰ লগে লগে এতিয়া অলিম্পিকৰ যাত্ৰা কঠিন হৈ পৰিব পাৰে ভাৰতৰ কিদাম্বী শ্ৰীকান্থ আৰু ছাইনা নেহৱালৰ বাবে। এই টুৰ্ণামেণ্টখন সময়মতে অনুষ্ঠিত নহলে দুয়োগৰাকী শ্বাটলাৰৰ বাবে কেৱল বাকী থাকিব আন দুখন যোগ্যতা নিৰ্ণয়কাৰী টুৰ্ণামেণ্টহে। কেৱল দুখন টুৰ্ণামেণ্টত অংশ লৈয়ে দুয়োগৰাকী শ্বাটলাৰে উন্নীত কৰিব লাগিব তেওঁলোকৰ বিশ্ব ৰেংকিং।

টকীঅ’লৈ টিকট লাভ কৰাৰ ক্ষেত্ৰত শ্ৰীকান্ত ৪২,৯৮৯ পইণ্টৰে ২০ তম স্থানত আছে। অলিম্পিকলৈ যোগ্যতা অর্জন কৰিব সেই তালিকাৰ শীৰ্ষ ১৬ গৰাকী খেলুৱৈহে। সেই ফালৰ পৰা এতিয়াও শ্ৰীকান্তৰ সমুখত যথেষ্ট বাধা আছে। ইপিনে, মহিলাৰ শাখাত ৪৩,০৩৭ পইণ্টৰে ছাইনা আছে তালিকাৰ ২২ তম স্থানত। অলিম্পিকত স্থান নিশ্চিত কৰিবলৈ হ’লে ছাইনায়ো শীৰ্ষ ১৬ লৈ উন্নীত কৰিব লাগিব নিজৰ স্থান। কিন্তু, টুৰ্ণামেণ্ট অনুষ্ঠিত ন’হলে তেওঁলোকৰ বাবে পইণ্ট অর্জন কৰাটো কঠিন হৈ পৰিব। সেয়াই যদি হয় তেন্তে দুয়োগৰাকীৰ সমুখত অলিম্পিক যাত্ৰা এক প্ৰত্যাহ্বান হৈ থিয় দিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *