Wednesday, October 5, 2022
HomeNewsঅলিম্পিকয়েই চূড়ান্ত লক্ষ্য যুৱ বক্সাৰ অংকুশিতা বড়োৰ:মেৰীকম প্ৰেৰণাৰ উৎস

অলিম্পিকয়েই চূড়ান্ত লক্ষ্য যুৱ বক্সাৰ অংকুশিতা বড়োৰ:মেৰীকম প্ৰেৰণাৰ উৎস

olympiasports.in

বিশ্ব বক্সিংৰ সম্ৰাজ্ঞী এম চি মেৰীকমৰ পদাংক অনুসৰণ কৰিব বিচাৰে অসমৰ উদীয়মান বক্সাৰ অংকুশিতা বড়োৱে। এই কথা অংকুশিতাই দেশৰ আগশাৰীৰ সংবাদ মাধ্যম ‘ইণ্ডিয়া টুডে’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উল্লেখ কৰিছে। অংকুশিতাই সাক্ষাৎকাৰটোত লগতে কয় যে বিশ্ব ক্ৰীড়াৰ সৰ্ববৃহৎ প্ৰতিযোগিতা অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰাটোৱেই হৈছে তেওঁৰ চূড়ান্ত লক্ষ্য।

সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰো ক্ৰীড়া ক্ষেত্ৰ বৰ্তমান স্তব্ধ হৈ আছে। এই সময়চোৱাত দেশৰ সকলো ক্ৰীড়া বিদে নিজৰ ঘৰতেই থাকি এতিয়া নিজৰ অনুশীলন আৰম্ভ কৰিছে। নিজৰ ফিটনেচ ৰক্ষাৰ বাবে সকলোৱেই নিজৰ গৃহতেই বিভিন্ন পন্থা অৱলম্বন কৰিছে। ব্যতিক্ৰম নহয় অংকুশিতা বড়ো।

ঘৰুৱা পৰিৱেশত অংকুশিতা

আইবা বিশ্ব য়ুথ মহিলা বক্সিং চেম্পি‌য়নশ্বিপত স্বৰ্ণপদক অৰ্জন কৰা অংকুশিতাই কয় যে তেওঁ মেৰীকমৰ পদাংক অনুসৰণ কৰিব বিচাৰে। ২০১২ চনৰ লণ্ডনত অলিম্পিকত তাৰকা বক্সাৰ মেৰীকমে ব্ৰঞ্জৰ পদক দখল কৰাৰ সময়চোৱাতেই অংকুশিতাই বক্সিংৰ অভিযান আৰম্ভ কৰিছিল।মেৰীকমকেই নিজৰ আদৰ্শ হিচাপে লোৱা অংকুশিতাই অলিম্পিকত নিজৰ দেশক প্ৰতিনিধিত্ব কৰাৰ সপোন বুকুত বান্ধি এতিয়াৰ পৰাই কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি সাক্ষাৎকাৰটোত উল্লেখ কৰিছে।

আনহাতে একেটা সাক্ষাৎকাৰতে অংকুশিতাই সতীৰ্থ বক্সাৰ যমুনা বড়ো আৰু লাভলীনা বৰগোঁইৰ বিষয়েও মন্তব্য কৰিছে। অংকুশিতাই কয় যে যমুনা আৰু লাভলীনাৰ পৰা অধিক প্ৰেৰণা লাভ কৰিছে।

শেহতীয়াকৈ অসমত অনুষ্ঠিত হোৱা খেল’ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত স্বৰ্ণ পদক অৰ্জন কৰা অংকুশিতাই বৰ্তমান চিনিয়ৰ পৰ্যায়ৰ প্ৰতিযোগিতাত অধিক অংশগ্ৰহণৰ জৰিয়তে পদক জয় কৰি দেশৰ নাম উজলোৱাৰ লগতে নিজকে অলিম্পিকৰ বাবে প্ৰস্তুত কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিব। লকডাউনৰ এইসময়চোৱাত অংকুশিতাই নিজৰ প্ৰশিক্ষকৰ লগত সম্পূৰ্ণ যোগাযোগ ৰাখি নিজৰ প্ৰতিদিনৰ কৰিবলগীয়া অনুশীলন কৰি গৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments