Thursday, July 7, 2022
HomeNewsক'ত হেৰাল অলিম্পিক পদকবিজয়ী সুশীল কুমাৰ?

ক’ত হেৰাল অলিম্পিক পদকবিজয়ী সুশীল কুমাৰ?

অলিম্পিয়া প্রতিবেদন

এগৰাকী যুৱ মল্লযুঁজাৰুৰ হত্যাৰ গোচৰত নাম সাঙোৰ খাই পৰাৰে পৰা সন্ধান নাই অলিম্পিক পদকবিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰৰ। মঙ্গলবাৰে দিল্লীস্থিত সত্ৰশাল ষ্টেডিয়ামৰ বাহিৰত হোৱা এটা মাৰপিটৰ ঘটনাত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল যুৱ মল্লযুঁজ চেম্পিয়ন সাগৰ ধনকৰ।

ঘটনাৰ বিৱৰণী অনুসৰি সত্ৰ শাল ষ্টেডিয়ামৰ বাহিৰত মংগল বাৰে নিশা ১.১৫-১.৩০ বজাৰ ভিতৰত এটা মাৰপিটৰ ঘটনা সংঘটিত হয়। উক্ত ঘটনাত সাগৰকে ধৰি চাৰিগৰাকী সতীৰ্থক আহত অৱস্থাত উদ্ধাৰ কৰি পিছত আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসালয়ত মৃত্যুক সাৱটি লয় জুনিয়ৰ চেম্পিয়ন সাগৰে।

ঘটনা সম্পৰ্কত আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে। শনিবাৰে ঘটনাত জড়িত দুগৰাকীকৈ মল্লযুঁজাৰুক সোধপোচ কৰে আৰক্ষীয়ে। ঘটনাৰ মূল অভিযুক্ত অলিম্পিক পদক বিজয়ী সুশীল কুমাৰক বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও এই পৰ্যন্ত সুশীল কুমাৰৰ সন্ধান লাভ কৰা নাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments