olympiasports.in
দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় ইভেণ্টৰ পৰা আঁতৰি থাকি পোনপটীয়াকৈ অলিম্পিকৰ দৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে খেলুৱৈয়ে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতৰ তাৰকা জেভলিন থ্ৰ’ৱাৰ নিৰজ চোপ্ৰাই। দীৰ্ঘদিন ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা নিৰজে চলিত বছৰৰ জানুৱাৰী মাহত টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল।
কৰ’না মহামাৰীৰ বাবে সমগ্ৰ বিশ্ব স্থবিৰ হৈ পৰাৰ লগতে বিভিন্ন সৰু-বৰ ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে টকিঅ’ অলিম্পিকো এবছৰৰ বাবে পিছুৱাই দিবলৈ বাধ্য হৈছে। এই প্ৰসংগত নিৰজে কৈছে— ‘কৰ’না মহামাৰীৰ বাবে টকিঅ’অলিম্পিকৰ পূৰ্বে অনুশীলনৰ বাবে কোনো ইভেণ্ট অনুষ্ঠিত নহ’লে এথলিটসকল বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব। দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় ইভেণ্টৰ পৰা আঁতৰি থকাৰ পিছত পোনপটীয়াকৈ অলিম্পিকৰ দৰে মেগা ইভেণ্টত অংশ লোৱাটো সকলো খেলুৱৈৰ বাবে যথেষ্ট কঠিন হ’ব।’
বিগত প্ৰায় এমাহ ধৰি পাটিয়ালাস্থিত নেচনেল ইনষ্টিটিউট অৱ স্প’ৰ্টছত লকডাউনৰ বাবে আৱদ্ধ হৈ থকা অলিম্পিক যোগ্যতা অৰ্জনকাৰী থ্ৰ’ৱাৰ গৰাকীয়ে দুমাহৰো অধিক কাল অনুশীলনৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে। এই প্ৰসংগত তেওঁ কয়, ‘দুমাহৰো বেছি সময় অনুশীলনৰ পৰা আঁতৰি থাকি আমনি পাইছোঁ। কিন্তু গোলকীয় মহামাৰীৰ ওপৰত যিহেতু আমাৰ কোনো নিয়ন্ত্ৰণ নাই, গতিকে সাৱধানতা অৱলম্বন কৰাই আমাৰ প্ৰধান কাম। মইযোৱা জানুৱাৰীত দক্ষিণ আফ্ৰিকাত এখন প্ৰতিযোগিতাত অংশ লৈ অলিম্পিকলৈ যোগ্যতা কৰিছিলোঁ। ইয়াৰ পিছতে মই কঠোৰ অনুশীলনেৰে অলিম্পিকৰ বাবে সাজু হোৱাৰ লক্ষ্য স্থিৰ কৰিছিলোঁ। কিন্তু বৰ্তমানৰ পৰিস্থিতিৰ বাবে অলিম্পিক পিছুৱাই দিবলগীয়া হ’ল আৰু আমাৰ অনুশীলনো বন্ধ হ’ল। আশা কৰিছোঁ সোনকালে পৰিস্থিতি স্বাভাৱিক হ’ব আৰু নিয়মীয়া অনুশীলন আৰম্ভ কৰিব পাৰিম। অলিম্পিকৰ পূৰ্বে এখন বা দুখন ইভেণ্টত অংশ লোৱাৰ সুযোগ পাম বুলিও আশা কৰিছোঁ। অন্যথা টকিঅ’ত আমি অত্যন্ত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব।’