জৰ্ডানত অনুষ্ঠিত হৈ থকা অলিম্পিক কোৱালিফায়িং প্ৰতিযোগিতাত ছবাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকম ছেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকে। ভাৰতৰ তাৰকা বক্সাৰগৰাকীয়ে জৰ্ডানত অনুষ্ঠিত হৈ থকা প্ৰতিযোগিতাখনত এছিয়ান গেমছৰ চেম্পিয়ন য়ুৱান চাঙৰ হাতত ৩-২ ৰ ব্যৱধানত পৰাস্ত হয়।
প্ৰতিযোগিতাখনত ছেমি ফাইনেলত পৰাস্ত হ’লেও মেৰীকমে ৫১ কেজি শাখাত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে।

আনহাতে ভাৰতৰ আন এগৰাকী তাৰকা পুৰুষ বক্সাৰ বিকাশ কৃষাণে প্ৰতিযোগিতাখনৰ ফাইনেলৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে। চকুত পোৱা আঘাতৰ বাবেই বিকাশে এই সিদ্ধান্ত গ্ৰহণ কৰে। ফাইনেলত বিকাশৰ প্ৰতিদ্বন্দী আছিল জেয়াদ ইছাদ।
উল্লেখ্য যে ফাইনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ বাবে বিকাশে ৰূপৰ পদক লাভ কৰে। প্ৰতিযোগিতাখনত ছেমি ফাইনেলত প্ৰবেশ কৰিয়েই বিকাশে অলিম্পিক টিকট লাভ কৰিছিল।